উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ্য ন্যায়াধীশৰ ৰোষত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া

উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ্য ন্যায়াধীশে সকীয়ালে দেৱব্ৰত শ‍ইকীয়াক। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ মত- ন্যায়ালয়ত বন্ধ কৰক ৰাজনৈতিক ভাষণ...
উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ্য ন্যায়াধীশৰ ৰোষত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া
Published on
Updated on

ডিজিটেল সংবাদ, নতুন দিল্লীঃ বুলড'জাৰ লৈ দেশৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাই মুখ্য ন্যায়াধীশৰ ৰোষত পৰিছে ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া। আনকি ন্যায়ালয়ৰ মজিয়াত ৰাজনৈতিক ভাষণ নিদিবলৈও শ‍ইকীয়াক সকীয়াই দিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে।

উল্লেখ্য যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত অসমৰ গৰুখুঁটি আৰু ধলপুৰৰ উচ্ছেদ অভিযান চলিছিল। এই প্ৰসংগতে ৰাষ্ট্ৰীয় পৰামৰ্শাৱলী জাৰি কৰিবলৈ শ‍ইকীয়াই অলপতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠত শনিবাৰে হোৱা শুনানিত শ‍ইকীয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা চি ইউ সিঙৰ বক্তব্য আছিল- 'কোনো জাননী অবিহনে উচ্ছেদ অভিযানৰ নামত বুলড'জাৰ চলাই ভাৰতবৰ্ষ এখন নিষ্ঠুৰ দেশত পৰিণত হৈছে।'

এই কথা শুনা মাত্রেই মুখ্য ন্যায়াধীশ চন্দ্রচূড় ক্ষুব্ধ হৈ উঠে। তেওঁ কয়- ন্যায়ালয়ত ৰাজনৈতিক ভাষণ দিয়া বন্ধ কৰক। চৰকাৰী ভূমিত হোৱা বেদখলক পুৰস্কৃত কৰিব বিচাৰিছে নেকি আপুনি (দেবব্ৰত শ‍ইকীয়া)? উল্লেখ্য গৰুখুঁটি আৰু ধলপুৰৰ উচ্ছেদ অভিযানক প্রত্যাহ্বান জনাই দেৱব্ৰত শ‍ইকীয়াই পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে চলিত বছৰৰ জানুৱাৰী মাহত শ‍ইকীয়াই কৰা আবেদনৰ বিৰুদ্ধে ৰায়দান দিয়ে।

ইপিনে শনিবাৰে মুখ্য ন্যায়াধীশৰ প্রশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰাৰ ৮ মাহ পিচত কিয় শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত আবেদন জনাবলৈ আহিছে? যদি আপুনি ইমানেই উদ্বিগ্ন, তেন্তে ইমান দিন কিয় অপেক্ষা কৰি আছিল? লক্ষণীয়ভাৱে জ্যেষ্ঠ অধিবক্তাই শ‍ইকীয়াৰ হৈ বিভিন্ন যুক্তি দাঙি ধৰি বাৰম্বাৰ অনুৰোধ জনোৱা সত্ত্বেও মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে শ‍ইকীয়াৰ আবেদন খাৰিজ কৰি দিয়ে।

অৱশ্যে ধলপুৰ আৰু গৰুখুঁটিৰ পৰা উচ্ছেদিত ৭০০ পৰিয়ালৰ ভিতৰত ১০০ টা পৰিয়ালে এতিয়াও পুনৰ সংস্থাপন নোপোৱা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট জিলা আয়ুক্তসকলক জবাবদিহি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে ৬ মাহৰ ভিতৰত পুনৰ সংস্থাপন দিয়াৰ নিৰ্দেশ জাৰি কৰাৰ পাচতো প্ৰশাসনে ১০০ টা পৰিয়ালক কিয় এতিয়ালৈ পুনৰ সংস্থাপন দিয়া নাই এই বিষয়ত শ‍ইকীয়াই বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ আবেদন জনাব পাৰে বুলি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে প্ৰদান কৰা নিৰ্দেশনাত উল্লেখ কৰে।

উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ্য ন্যায়াধীশৰ ৰোষত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া
বিজনীৰ খুজুৰাপগুৰীৰ আই নৈৰ যুৱলিত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in