কা’ আন্দোলনৰ চোং সলাই পাৰ্থৰ ৰূপত সূৰ্য দাসঃ মন্ত্ৰী হিমন্তক কৃষ্ণ সজাই কুৰুক্ষেত্ৰৰ ৰণলৈ সাজু…

কা’ আন্দোলনৰ চোং সলাই পাৰ্থৰ ৰূপত সূৰ্য দাসঃ মন্ত্ৰী হিমন্তক কৃষ্ণ সজাই কুৰুক্ষেত্ৰৰ ৰণলৈ সাজু…

author-image
asomiyapratidin
New Update
কা’ আন্দোলনৰ চোং সলাই পাৰ্থৰ ৰূপত সূৰ্য দাসঃ মন্ত্ৰী হিমন্তক কৃষ্ণ সজাই কুৰুক্ষেত্ৰৰ ৰণলৈ সাজু…

ডিজিটেল ডেস্কঃ মৰিগাওঁত বুধবাৰে অনুষ্ঠিত হয় বিজেপিৰ বিশাল জনসভা। বিজেপিৰ এই জনসভাত গণশিল্পী সূৰ্য দাসে পৰিৱেশন কৰে এটি গীত "মানুহ দেখিছো আজি বহুত মানুহ।"

একেই স্থান, পৰিৱেশো একেই।এবছৰৰ আগতে মৰিগাৱত উপস্থিত হৈয়ো একেইটা গীতেই পৰিৱেশন কৰিছিল সূৰ্য দাসে, সংগ্ৰামী জনতাক আহ্বান জনাই তেওঁ কৈছিল জনগণৰ সুৰক্ষাৰ বাবে কা'ৰ বিৰোধিতা কৰাৰ গতন্ত্যৰ নাই।সেয়া আছিল কা' আন্দোলনৰ মঞ্চ।

বুধবাৰে মৰিগাওঁত অনুষ্ঠিত বিজেপিৰ কৃতজ্ঞতা সমাৰোহতো শিল্পীজনে গাইছে একেটাই গীত। "কথাৰ সিন্ধুমতী, অমৃত শুহি খোৱা ভণ্ড মানুহ"। সুৰ সলনি কৰি চোং সলোৱা এইজন "গণশিল্পী' সূৰ্য দাস এতিয়া শাসকৰ শিল্পী, সেয়ে কা' আন্দোলনৰ সমাবেশত মানুহ দেখিছো গীত গোৱা একেজন মানুহেই তেওঁৰ গীতৰ মাজেৰে নিজৰ ভণ্ডামি উদঙাই এই চৰকাৰক গীতেৰেই লুইত, মহাবাহু বুলি অভিহিত কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তোষামোদেৰে উপচাই পেলাবলৈ গৈ শ্ৰী কৃষ্ণ বিশেষণেৰে অভিহিত কৰিলেষ

এই জন শিল্পীয়েই ২০০১ চনত কংগ্ৰেছ দল ক্ষমতালৈ অহাৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উদ্দেশ্যি গাইছিল, হে গগৈ তুমি লুইত হোৱা। বুধবাৰে তেওঁ কৈছে বছৰ বছৰ ধৰি কৰা আন্দোলনৰ পৰা তেওঁ বা ৰাইজে একো নাপালে। আন্দোলন কৰিলেই নেতাহে হ'ব পাৰি।

অৱশ্য ৰজাঘৰীয়া হ'লে কি পাব পাৰি সেয়া স্পষ্ট নকৰাকৈ তেওঁ ক'লে, ৰাজনীতিৰ ব্যাকৰণ বেলেগ। এয়া যেন তেওঁৰ গভীৰ উপলব্ধি আৰু পুৰঠ জীৱনৰ শিকনি। কিন্তু অভিজ্ঞতাৰ পূৰঠ হোৱা এই গৰাকী তথাকঠিত গণশিল্পীয়ে কিহৰ তাৰণাত বাৰে বাৰে এনেদৰে ৰজাঘৰীয়াৰ প্ৰশস্তি গীত গাই পুনৰ পীষ্ট জনতাৰ ভাও দি সংগ্ৰামী জনতাৰ শাৰীত ঠিয় দিয়েহি সেয়া এয়া এক দুৰ্বোধ্য সাথৰ।

গেৰুৱা ভূষণ পিন্ধি বিজেপিৰ পদলেহন কৰাই নহয় অনুষ্ঠানত কা' আন্দোলনকাৰীক উপলুঙাও কৰিলে শিল্পীজনে।বহুত হিচাপ নিকাচ কৰি একো নাপালো বুলি উল্লেখ কৰি সূৰ্য দাসে কয় যে কা' আন্দোলনৰ বিষয়ে আন্দোলন চাবলৈ আহি আমটো নপকোতেই দৰদাম হোৱাহে দেখিলে বুলি মন্তব্য কৰে। তেওঁ তেতিয়াই কা' আন্দোলনকাৰীৰ স্বৰুপ বুজি উঠিছিল বুলি কৈ তেওঁলোকক ভণ্ড বুলিও অভিহিত কৰে।

ইয়াৰ লগতে অনুষ্ঠানটোত তেওঁ অসম, অসমীয়া আৰু অসমৰ জাতি জনগোষ্ঠীক বচাবলৈ বিজেপিক লাগিবই বুলিও বিজেপি দলটোক প্ৰশংসাত পঞ্চমূখ হৈ উঠে। অনুষ্ঠানত তেওঁ বিশাল আকাশ আৰু বৰলুইতৰ সতে মুখ্যমন্ত্ৰীক তুলনা কৰাৰ লগতে ৰমাকান্ত দেউৰীৰো প্ৰশংসাৰে উপচাই পেলাইশিল্পী জনে আৰু তেওঁক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনায়।

উল্লেখ্য যে অনুষ্ঠানত নিজকে সৰু মানুহ নহয় বুলিও মন্তব্য কৰে সূৰ্য দাসে। তেওঁ কয় যে তেওঁ ডাঙৰ মানুহ আৰু গায়ক কেতিয়াও সৰু মানুহ হ'ব নোৱাৰে।