ডিজিটেল সংবাদ, বৰপেটাঃ সত্ৰ নগৰী আৰু সত্ৰীয়া সাংস্কৃতিৰ পীঠস্থান হিচাপে অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনক সম্বৃদ্ধিশালী কৰা বৰপেটা আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ ব্যাপক জন বিন্যাস সলনিৰ ফলত এই বৃহত্তৰ অঞ্চলটোৰ থলুৱা খিলঞ্জীয়া লোকসকলে নিজৰ মাটি ভেটি হেৰুৱাব লগীয়া হোৱাৰ এক হৃদয় বিদাৰক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু থলুৱা খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা লৈ চৰম ভাবুকি নামি আহিছে।
এনে দুৰ্ভাগ্যজনক পৰিস্থিতিত জাতি, মাটি আৰু ভেটি ৰক্ষাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে গ্ৰহণ কৰা কেতবোৰ ঐতিহাসিক সিদ্ধান্তক চৰম ভেঙুচালি কৰি বাঘবৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে থলুৱা খিলঞ্জীয়া মাটি এক বিশেষ শ্ৰেণীৰ লোকলৈ হস্তান্তৰ কৰা কাৰ্য্যত প্ৰত্যক্ষভাৱে জড়িত হৈ থকা বুলি অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে সংবাদ মাধ্যমৰ সহযোগত মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
সত্ৰ মহাসভা আৰু সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱত অসম চৰকাৰে ১৬ নৱেম্বৰত এক নিৰ্দেশ যোগে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোণাবৰ চুতীয়াক নিলম্বন কৰাৰ চৰকাৰৰ সিদ্ধান্তক অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে আদৰণি জনোৱাৰ লগতে বিষয়াজনৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰি পৰৱৰ্তী পৰ্য্যায়ত অধিক কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই প্ৰকাশ কৰা এটা বিবৃতিত অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন আৰু সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰে কয় যে, চক্ৰ বিষয়াগৰাকীৰ জ্ঞাতসাৰে আৰু লাখ লাখ টকাৰ লেনদেনৰ বিনিময়ত ব্যাপক জনগাঁথনিৰ পৰিৱৰ্তনৰ ফলত থলুৱা খিলঞ্জীয়া লোকৰ হাতৰ পৰা ব্যাপক হাৰত কৃষি ভূমিকে ধৰি অন্যান্য ক্ষেত্ৰৰ ভূমি এক বিশেষ শ্ৰেণীৰ লোকৰ দখললৈ গৈছে।
ইয়াৰ ফলত থলুৱা লোকসকল নিজ ঘৰতে আলহী হোৱাৰ লগতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত বৰপেটা সত্ৰ আৰু মাধৱদেৱৰ স্মৃতি বিজৰিত বৈঠাপুতা সত্ৰৰ অৱশিষ্ট মাটি-ভেটিৰ প্ৰতিও চৰম ভাবুকি নামি আহিছে। চক্ৰ বিষয়াগৰাকীয়ে একাংশ দালালৰ সহযোগত থলুৱা লোকৰ মাটি সেই বিশেষ চক্ৰটোৰ নামত আৱন্তন দি বিষয়াগৰাকীয়ে থলুৱা আৰু খিলঞ্জীয়া বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ অভিযোগ তুলি সত্ৰ মহাসভাই সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছত চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপে চৰকাৰে থলুৱা স্বাৰ্থ ৰক্ষাৰ বাবে গ্ৰহণ কৰা নীতিক কাৰ্য্যকৰী কৰিবলৈ এতিয়াও সংকোচ কৰা বিষয়াসকল সতৰ্ক আৰু সচেতন হ'ব বুলি সত্ৰ মহাসভাই আশা প্ৰকাশ কৰিছে।