উৎকোচ লৈ নিলম্বিত ৰে'ল বিষয়া কে সামান্থা ৰয়

উৎকোচ লৈ নিলম্বিত ৰে'ল বিষয়া কে সামান্থা ৰয়
Published on
Updated on

ডিজিটেল সংবাদ,লামডিংঃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ দৰমহাৰে পেট নভৰা হৈছে লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধক কৰ্যালয়ৰ একাংশ ঘোচখোৰ কৰ্মচাৰীৰ। উৎকোচ লৈ এজনৰ পিছত এজন আটক হৈছে ৰে'লৱে কৰ্মচাৰী-বিষয়া।

লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক অভিযানত উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে আটক কৰে কে সামান্থা ৰয় নামৰ ৰে'ল বিষয়াগৰাকীক।

চি এলআই (Chief Loco Inspector ) হিচাপে কৰ্মৰত আছিল কে সামান্থা ৰয় নামৰ বিষয়াজন । ৰে'লৱে Loco Pilot তথা বিভাগীয় প্ৰাৰ্থীসকলক বদলিকৰণ আৰু নিযুক্তি দিয়াৰ ক্ষেত্ৰত উৎকোচ বিচাৰিছিল সামান্থাই ৷

অভিযোগ অনুসৰি,বিগত বহু বছৰ ধৰি লামডিং ডিভিচনৰ চিনিয়ৰ ইলেক্টিকেল ইঞ্জিয়াৰৰ অধীনত থকা কৰ্মচাৰী আৰু নৱ নিযুক্তি প্ৰাৰ্থীসকলৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল অভিযুক্ত ৰয়ই। বুধবাৰে কাৰ্যালয়ৰ ভিতৰতে লক্ষাধিক ধন উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰকৰ ৰোষত পৰে ।

আনফালে অভিযুক্ত ৰয়ে সাধাৰণ চাকৰি কৰিয়েই কোটি টকাৰ সা-সম্পত্তি গঢ়ি তুলিছে। বৰ্তমান সম্পূৰ্ণ ঘটনা তদন্ত আৰম্ভ কৰিছে ৰে'ল বিভাগ আৰু দুৰ্নীতি নিবাৰক শাখাই।

আনহাতে বহুবাৰ কে সামান্থা ৰয় বিষয়াজনৰ বিৰুদ্ধে প্ৰাৰ্থীসকলে অভিযোগ কৰিছিল যদিও বিষয়াজনক ৰক্ষণা-বেক্ষণা দি অহাৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।লামডিঙ ৰে'ল মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যলয়ত বিগত এটা মাহৰ ভিতৰত দুজনকৈ ৰে'লৱে কৰ্মচাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাই ৷

উৎকোচ লৈ নিলম্বিত ৰে'ল বিষয়া কে সামান্থা ৰয়
বিলাহীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৰ পৰীক্ষাৰ পদক্ষেপ, দাম কম হোৱাৰ সম্ভাৱণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in