স্বচ্ছ মথুৰাপুৰ : এগৰাকী মহিলাই নীৰৱে পৰিষ্কাৰ কৰি আহিছে অঞ্চলটোৰ বাট-পথ

agrani khabar
agrani khabar
Published on
Updated on

ডিজিটেল সংবাদ, মথুৰাপুৰ : মথুৰাপুৰত স্বচ্ছ ভাৰত মিছন অভিযানত সক্ৰিয় ভূমিকা পালন কৰিছে এগৰাকী অক্লান্ত মহিলাই ৷ মথুৰাপুৰ সদৰ তিনিআলিৰ এগৰাকী প্ৰায় ৫০/৬০ বছৰীয়া মহিলাই পুৱা-গধূলি হাতত ঝাড়ু লৈ ৰাজপথ, ব্যৱসায় প্ৰতিষ্ঠান, বিদ্যালয়ৰ সন্মুখ আদিত প্ৰতিদিনে চাফ-চিকুণ কৰি পৰিৱেশ নিকা কৰি আহিছে।

মানসিকভাৱে অসুস্থ বুলি ধৰণা কৰা মহিলাগৰাকীয়ে বিগত কেইবাবছৰৰ পূৰ্বে মথুৰাপুৰৰ এখন বন্ধ হৈ পৰা হোটেলৰ বাৰান্দাত আহি আশ্ৰয় লৈছিল। কোনো লোকে নাম ঠিকনা সুধিলে তাৰ কোনো উত্তৰ নিদিয়ে মহিলাগৰাকীয়ে।

জানিব পৰা মতে মহিলাগৰাকীয়ে চাফ- চিকুণ কৰাৰ বাবে কাৰোৰে পৰা নহয় কোনো মাননি অথবা বিনিময়। এককভাৱে নীৰৱে দীৰ্ঘদিন ধৰি "স্বচ্ছ মথুৰাপুৰ"ৰ বাৰ্তাবহন কৰি আহিছে মহিলাগৰাকীয়ে। তেঁওৰ এই প্ৰচেষ্টাক অঞ্চলটোক সকলোৱে প্ৰশংসা কৰিছে।

agrani khabar
অসমৰ লোক বাদ্যৰ মোহত বিদেশী পৰ্যটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in