কাজিৰঙাত সম্পন্ন জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

কাজিৰঙাত সম্পন্ন জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত সম্পন্ন জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা

ডিজিটেল সংবাদ, কাজিৰঙাঃ বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত বুধবাৰে দিনজোৰাকৈ কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত হয় এখন জিলা ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা ৷ বহু কেইটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অঞ্চলটোৰ প্ৰায় ৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷

পুৱাৰে পৰা অনুষ্ঠিত এই প্ৰতিযোগিতাত সমৰকলা প্ৰশিক্ষক সীমান্ত শইকীয়া (ব্লেকবেল্ট ৫ম ডান), প্ৰশিক্ষক ৰাজীৱ হুছেইন, অজন্ত পূজাৰী, ধীৰেণ পেগু (তিনিও ব্লেকবেল্ট ৩য় ডান), পৰমেশ্বৰ গগৈ, বিবেক গগৈ, প্ৰাঞ্জল গগৈ, সোমেশ্বৰ পাটগিৰি (ব্লেকবেল্ট ১ম ডান) জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিকৰ এগৰাকী উপদেষ্টা সঞ্জীৱ দত্ত, সভাপতি মণ্টু ঘাটোৱাল, সম্পাদক নিৰ্মল শইকীয়াৰ লগতে বিভিন্নগৰাকী বিষয়ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে৷

বোকাখাত জিলা টাইকোৱাণ্ডো সন্থাৰ কাজিৰঙা শাখাৰ সভাপতি হোমেন গগৈয়ে আঁত ধৰা প্ৰতিযোগিতাখনি নিশা সামৰণি পৰে৷ প্ৰতিযোগিতাখনৰ শেষত বিজয়ী প্ৰতিযোগীসকলক মেডেল আৰু মানপত্ৰ প্ৰদান কৰা হয়৷

Also Read: গুলুং পাঠৰীত ৰটাৰী ক্লাৱৰ বিনামূলীয়া স্বাস্থ্য আৰু চকুৰ চিকিৎসা শিবিৰ