নাছিল কোনো শিক্ষক-কৰ্মচাৰী! ছাত্ৰ-ছাত্ৰীয়ে অপেক্ষা কৰি থাকোতেই খহি পৰিল বিদ্যালয় গৃহ

ধুবুৰীৰ তামাৰহাটত ভয়ংকৰ ঘটনা। বিদ্যালয়ৰ গৃহ ভাঙি পৰিল ছাত্র-ছাত্রীৰ মূৰত। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
নাছিল কোনো শিক্ষক-কৰ্মচাৰী! ছাত্ৰ-ছাত্ৰীয়ে অপেক্ষা কৰি থাকোতেই খহি পৰিল বিদ্যালয় গৃহ

ডিজিটেল ডেস্কঃ ধুবুৰীৰ তামাৰহাটত ভয়ংকৰ ঘটনা। বিদ্যালয়ৰ গৃহ ভাঙি পৰিল ছাত্র-ছাত্রীৰ মূৰত। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

তামাৰহাটৰ বৰজান এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা। গুৰুতৰভাৱে আহত কেইবাজনো ছাত্র-ছাত্রী। আনহাতে এজনৰ অৱস্থা সংকটজনক। আহত শিক্ষাৰ্থীকেইজনক বৰ্তমান ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। ৯ বজালৈকে শিক্ষক-কৰ্মচাৰী বিদ্যালয়ত উপস্থিত নোহোৱাত ছাত্ৰ-ছাত্ৰী সকলে আশ্ৰয় লৈছিল পুৰণি গৃহটোৰ তলত। তেতিয়াই এই ঘটনা সংঘটিত হয়।

বহু দিন ধৰি বিদ্যালয়খনত নাই প্ৰধান শিক্ষক। তাৰ পৰিৱৰ্তে আগমনি শিক্ষাখণ্ডৰ বিষয়াই শিক্ষা সেৱা আগবঢ়াইছিল। বহুদিন ধৰি বিদ্যালয় খনৰ সমস্যাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Also Read: চুৰিৰ অভিযোগত ৰডেৰে মৰিয়াই মৰিয়াই হত্যা এজনক