তামুলপুৰ সমষ্টি সংৰক্ষণৰ বিৰোধিতাঃ পূৰ্বৰ মৰ্যদা বাহাল ৰখাৰ দাবীৰে উত্তাল প্ৰতিবাদ...

তামুলপুৰ সমষ্টি সংৰক্ষণৰ বিৰোধিতাঃ
পূৰ্বৰ মৰ্যদা বাহাল ৰখাৰ দাবীৰে উত্তাল প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ, তামুলপুৰঃ কিছুদিনৰ পূৰ্বে ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে । এই খচৰা প্ৰস্তুতকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজনৈতিক নেতা-কৰ্মী, দল-সংগঠনকে ধৰি সাধাৰণ ৰাইজে । এই লৈ তীব্ৰ বাক-বিতণ্ডা অব্যাহত আছে ৰাজ্যত । ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনকে ধৰি সাধাৰণ জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে তামুলপুৰতো সন্মিলিত জাতীয় ঐক্য মঞ্চই এই লৈ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ নেতা-কৰ্মীয়ে তামুলপুৰ বিধান সভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত কৰা কাৰ্যৰ বিৰোধিতাৰে আৰু তামুলপুৰক পূৰ্বৰ মৰ্যদা বাহাল ৰখাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী হায়-হায়, তামুলপুৰ সমষ্টিৰ পূৰ্বৰ মৰ্যদা ঘূৰাই দিয়ক, জনজাতি সংৰক্ষিত কৰা বন্ধ কৰক, নিৰ্বাচনী আয়োগ হায়-হায়, অশোক সিংহাল হায়-হায়, দিলীপ শইকীয়া হায়-হায় আদি শ্ল'গানেৰে তামুলপুৰৰ আকাশ-বতাহ কঁপাই তোলে।

প্ৰতিবাদকাৰীসকলে নিৰ্বাচনী আয়োগৰ লগতে মুখ্যমন্ত্ৰীক খিলঞ্জীয়াৰ সংজ্ঞা স্পষ্ট কৰিবলৈ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকৰ দাবী সমূহ মানি নললে আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানে অংশগ্ৰহণ কৰি কয় যে, "তামুলপুৰ বিধান সভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণৰ দিহা কৰাতো দুৰ্ভাগ্যজনক।"

আজিৰ এই কাৰ্যসূচীত বাক্সা জিলা কংগ্ৰেছ কমিটি, অসম গণ পৰিষদৰ তামুলপুৰ বিধান পৰিষদৰ লগতে আদিবাসী ছাত্ৰ সন্থা, চান্তালী ছাত্ৰ সন্থা, গৰীয়া মৰিয়া ছাত্ৰ সন্থা, এবিএমছু, কলিতা জনগোষ্ঠী আদি কেইবাটাও ছাত্ৰ সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকি ঐতিহাসিক তামুলপুৰ বিধানসভা সমষ্টিটো অসংৰক্ষিত কৰি ৰখাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

তামুলপুৰ সমষ্টি সংৰক্ষণৰ বিৰোধিতাঃ
পূৰ্বৰ মৰ্যদা বাহাল ৰখাৰ দাবীৰে উত্তাল প্ৰতিবাদ...
পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in