নামৰূপৰ  শিল খাদানত পৰি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ বিধায়ক তৰংগ গগৈৰ

নামৰূপৰ  শিল খাদানত পৰি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ বিধায়ক তৰংগ গগৈৰ

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, নামৰূপ: নামৰূপৰ চাইক্য গাৱঁত থকা  শিলৰ খাদানৰ  পুখুৰীত পৰি এটি আঢ়ৈ বছৰীয়া  শিশুৰ প্ৰাণ যোৱা বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই  ঘটনা সন্দৰ্ভত  ক্ৰমে সৰৱ আৰু কঠোৰ হৈ পৰিছে স্থানীয় বন বিভাগ, নামৰূপ আৰক্ষী আৰু নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া। 

চাইক্য গাঁৱৰ শিল খাদানৰ উন্মুক্ত পুখুৰীত পৰি  শিশুটিৰ  মৃত্যু হোৱা ঘটনাকলৈ গভীৰ শোক প্ৰকাশ কৰিছে বিধায়ক তৰংগ গগৈয়ে। বিধায়ক গৰাকীয়ে অত্যন্ত ক্ষুদ্ধ ভাৱে ঘোষণা কৰে যে তৰংগ গগৈ  বিধায়ক হৈ থকা  কাৰ্যকালত কেতিয়াও এনে নীতি বিৰুদ্ধ কাম কৰিবলৈ দিয়া নহ'ব আৰু কোনোৱে এনে নীতি বিৰুদ্ধ খনন কৰিবলৈ আগবাঢ়িলেও কঠোৰ শাস্তিৰ সন্মুখীন হ'ব ।

লক্ষণীয় যে শিল খাদানৰ পুখুৰীৰ পোতাৰ বিপৰীতে  এই পুখুৰীৰ সমূহৰ পানী  অসম পেট্ৰ কেমিকেললৈ যোৱা সন্দৰ্ভটো সৰৱ হৈ পৰে বিধায়ক গগৈ।  ইফালে আজি ৰাজহ চক্ৰ বিষয়া  শৰৎ গগৈৰ নেতৃত্বত  নামৰূপ থানাৰ ভাৰ প্ৰাপ্ত  আৰক্ষী বিষয়া নীল কমল বৰুৱা আৰু নামৰূপস্থিত দিল্লী খণ্ড বনকাৰ্য্যালয়ৰ বনবিষয়া কৰ্মচাৰী সমন্বিতে  চাইক্য গাঁৱৰ শিল  খনন কৰা এলেকাত এক  অভিযান চলায়। 

লক্ষণীয় যে গাঁওখনৰ শ শ বিঘা  ভূমিত য'তে ত'তে অবৈধ্যভাৱে  শিল খান্দি গাঁও খনৰ বাট পথ  বিধ্বস্ত কৰি তোলাৰ লগতে অধিক সংখ্যক  গাঁও বাসীৰ আগ চোতাল পিছ চোতালত পুখুৰীৰ সৃষ্টি  জীৱন যাপন দুৰ্বিসহ  কৰি তুলিছে।  শিল খান্দি  বৃহৎ পুখুৰী সৃষ্টি হোৱাৰ পিছত উন্মুক্ত  ভাবে এৰি  থোৱাৰ ফলত পূৰ্বেও কেইবাটিও শিশু কিশোৰ পশুধন মৃত্যুৰ মুখত  পৰিছে।

আজিৰ  অভিযানৰ অন্তত   নাহৰকটিয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে  কয় যে   তথ্য মতে শিলৰ খাদান  সৃষ্টি হোৱা  বৃহৎ  ভূমি খণ্ড দিল্লী চাহ বাগিচাৰ অধীনৰ।  দিল্লী চাহ বাগিছাই কি দৰে নীতিবৰ্হিভূত ভাবে  এই ভূমিত শিল খান্দিবলৈ দিলে তাৰ জবাব দিহি হব  লাগিব বুলি চক্ৰ বিষয়া গৰাকীয়ে মন্তব্য দিয়ে । ইফালে   শিল ব্যৱসায়ী তথা এ পি এল ৰ কর্মচাৰী জনৈক্য গগৈয়ে  উক্ত বিস্তৃত ভূমিত শিল খান্দি  নিজে এক ৰাজকীয় জীৱন  যাপন কৰি  গাঁওবাসীৰ জীৱন   বিধ্বস্ত আৰু কদৰ্যময় কৰি ধংশৰ মুখলৈ ঠেলি দিলে বুলি গাওঁবাসীয়ে মন্তব্য কৰে।

আৰু পঢ়ক: 'বান্দৰ কেকোৰা'ৰ আৱিষ্কাৰক পংকজ পাঠকৰ গ্ৰেপ্তাৰ কেতিয়া?

assam namrup child dead mla