তিতাবৰৰ যুৱ সমাজকর্মী শান্তনু গোস্বামীৰ মৃত্যু...

তিতাবৰৰ যুৱ সমাজকর্মী শান্তনু গোস্বামীৰ মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ সমাজ জীৱনৰ চিৰপৰিচিত সমাজকর্মী, পূব তিতাবৰ সমবায় সমিতিৰ দীর্ঘকালৰ সভাপতি, বৰ্তমানৰ সম্পাদক, তিতাবৰ পৌৰ সভাৰ পদেন সদস্য তিতাবৰৰ জেষ্ট বিজেপি নেতা শান্তনু গোস্বামী ( ৫৫)আজি হৃদৰোগৰ আক্ৰান্ত হৈ মৃত্যু হয়।

মিলন নগৰ নিবাসী গোস্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটাত কালি বিয়লি পোনতে তিতাবৰ মহকুমা চিকিৎসালয়ৰ ভৰ্তি কৰি স্বাস্থ্য পৰীক্ষা কৰা হয়।চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰাৰ কালি বিয়লিৰ পৰা সঞ্জীৱনী নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল।আজি পুৱা আঠ বজাত জীৱন নাটৰ জবনিকা পেলোৱা গোস্বামী পূব তিতাবৰ সমবায় সমিতিক এক গতি প্ৰদান কৰি আজিৰ অৱস্থাত উপনিত কৰাত বিশেষ ভূমিকা পালন কৰিছিল।

সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে মিলি যাব পৰা গুণৰ বাবে তিতাবৰৰ সমাজ জীৱনৰ অন্যতম পৰামৰ্শদাতা ভূমিকাত ৰূপে পৰিচিত হৈ অহা যুৱ সমাজকর্মী গৰাকী দীর্ঘকালৰ অসম গণ পৰিষদ দলৰ সৈতে জড়িত হৈ আছিল।শেহতীয়াকৈ বিজেপিত যোগদান কৰি দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহক কৰাৰ লগতে তিতাবৰ পৌৰ সভাৰ পদেন সদস্য ৰূপে কাৰ্যনিৰ্বাহক কৰি আছিল।

জনপ্ৰিয় যুৱ সমাজকর্মী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে বহু সংখ্যক দলীয় কর্মী আৰু গুণমুগ্ধ গোস্বামীৰ বাসগৃহত উপস্থিতি হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। ভাৰতীয় জনতা পাৰ্টি,তিতাবৰ মহকুমা গ্ৰাম্য সন্থা,তিতাবৰ প্ৰেছ ক্লাব, অসম গণ পৰিষদ, তিতাবৰ ব্লক কংগ্ৰেছ আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি লেখিকা সমাৰোহ সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,মাৰোৱাৰী যুৱ মঞ্চ, চেম্বাৰছ অৱ কমাৰ্চ তিতাবৰ শাখা, জিলা বিজেপিৰ নেতৃত্ব তথা বিভিন্ন জেষ্ঠনাগৰিক আৰু দল সংগঠনে নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছত পোনতে পূব তিতাবৰ সমবায় সমিতিৰ কাৰ্যালয়লৈ মৃতদেহ নিয়া হয়।

তাত সমবায় সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছত তিতাবৰ পৌৰ সভাৰ কাৰ্যালয়ত অন্তিম বাৰৰ বাবে নশ্বৰদেহ লৈ আনি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।দুবছৰ পূৰ্বে মাতৃ আৰু দুমাহ পূৰ্বে পিতৃৰ মৃত্যু হোৱা শান্তনু গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এক মাত্ৰ পুত্ৰক এৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in