নামৰূপ পৌৰসভাৰ কৰ সংগ্ৰাহকক গ্ৰেপ্তাৰ

নামৰূপ পৌৰসভাৰ কৰ সংগ্ৰাহকক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ পৌৰসভাত কৰ সংগ্ৰহক লৈ  চলি থকা ব্যাপক  দুৰ্নীতিৰ  বিৰুদ্ধে  উপভোক্তা সকলে  অভিযোগ কৰি থকা সময়তে  পৌৰসভাৰ পৌৰপতিৰ এজাহাৰৰ ভিত্তিত  কালি কৰ সংগ্ৰাহকজনক নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  নামৰূপ থানাৰ পৰা প্ৰাপ্ত তথ্য মতে,  কিছুদিন পূৰ্বে পৌৰসভাই   চহৰ  খনৰ ব্যৱসায় প্ৰতিস্থান সমূহৰ পৰা সংগৃহীত বছেৰেকীয়া কৰ, ট্ৰেড লাইচেন্স  নৱীকৰন,  সম্পত্তি কৰ,  পাৰ্কিং কৰ আদি   সংগ্ৰহ কৰাৰ ক্ষেত্ৰত  ব্যাপক খেলিমেলিৰ  বিষয়ে অভিযোগ উত্থাপিত হৈছে। 

বিশেষকৈ নিৰ্ধাৰিত কৰৰ মূল্যতকৈ অধিক ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে।  একাংশ উপভোক্তাই আগষ্ট মাহতে  বিষয় সন্দৰ্ভত তথ্যসহ পৌৰসভাত  অভিযোগ দাখিল কৰে।  ইয়াৰ পিছতে   বৰ্ডৰ সদস্য সকলে  নিজা ববীয়াকৈ তদন্ত আৰম্ভ কৰি ক্ৰমাৎ  বিসংগতিসমূহ জানিবলৈ উপভোক্তা সকলক লগ কৰাত, উপভোক্তাসকল প্ৰবাঞ্চিত হোৱাৰ কথা পোহৰলৈ আহে। ইয়াৰ ভিত্তিত ১৪ ছেপ্টেম্বৰত পৌৰসভাৰ  সভাপতি প্ৰশান্ত গগৈয়ে   নামৰূপ থানাত কৰ সংগ্ৰাহক ৰাজু দাসৰ বিৰুদ্ধে এক লিখিত অভিযোগ দাখিল কৰে। 

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে  কৰ সংগ্ৰহক ৰাজু দাসক থানাত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে যদিও  ৰাজু দাসে বিভিন্ন অজুহাত দেখুৱাই থানাত হাজিৰ হোৱা নাছিল। অৱশেষত  আৰক্ষী কঠোৰ হোৱাত কালি সন্ধ্যা ৰাজু দাস নামৰূপ থানাত উপস্থিত  হোৱাত আৰক্ষীয়ে সোধপোছ কৰাৰ অন্তত  ৰাজু দাসক গ্ৰেপ্তাৰ কৰে। 

এই সন্দৰ্ভত পৌৰপতি প্ৰশান্ত গগৈয়ে কয় যে,  কৰ সংগ্ৰহৰ ক্ষেত্ৰত  নীতিবৰ্হিভূতভাৱে অধিক কৰ সংগ্ৰহ কৰাৰ উপৰি  এই ক্ষেত্ৰত পৌৰপতি ভুৱা ছীল চহী ব্যৱহাৰ,  কাৰ্য্যবাহী বিষয়াৰ ছিল চহী  ব্যৱহাৰ কৰি কৰ সংগ্ৰহ কৰা, ট্ৰেড লাইচেন্স নবীকৰণ আদি বিভিন্ন ধৰণৰ  দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ তথ্য পোৱা গৈছে   আনহাতে  কৰ সংগ্ৰহৰ ক্ষেত্ৰত কাউণ্টাৰ ফাইল আৰু উপভোক্তাৰ হাতত থকা  ৰিছিপত উল্লেখ কৰা মূল্যৰ কোনো মিল নাই। 

লক্ষণীয় যে, নতুন পৌৰসভা গঠন হোৱাৰ পিছত  কৰ সংগ্ৰহৰ পুৰণি  নথি-পত্ৰ  আঁতৰাই নতুন ৰঙীন কাকতত  ৰিচিপ  বুক বনাই লোৱা হৈছিল যদিও বৰ্তমান পূৰ্বৰ সমিতিখনৰ সময়ত ব্যৱহাৰ হোৱা ৰিছিপ বুকতে  অধিক কৰ সংগ্ৰহ কৰা তথ্য উপভোক্তাৰ হাতৰ পৰা উদ্ধাৰ হৈছে বুলি পৌৰপতি গৰাকীয়ে জানিবলৈ দিয়ে। 

বৰ্তমানলৈকে   পৌৰপতি গৰাকীৰ হাততে প্ৰায় এক লাখ সাতাইশ হেজাৰ টকাৰ বিসংগতিৰ তথ্য  মজুদ আছে। ইয়াৰউপৰি আন সদস্যসকলৰ হাততো  বহু টকাৰ বিসংগতিত তথ্য হাতত পৰিছে বুলি সদৰী কৰে পৌৰপতি গৰাকীয়ে । সমগ্ৰ তথ্যৰ ভিত্তিত নামৰূপ থানাত   কেচ নং-৭২/২৩  ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৪০২/৪০৬/৪০৮/৪৬৮/৪৭১. ধাৰাত গোচৰ ৰুজু কৰি ৰাজু দাসক আজি দুপৰীয়া ডিব্ৰুগড় কাৰাগৰলৈ প্ৰেৰণ কৰে।

নামৰূপ পৌৰসভাৰ কৰ সংগ্ৰাহকক গ্ৰেপ্তাৰ
বিশ্বনাথক পুনৰ পূৰ্ণাংগ জিলা ঘোষণা কৰা অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in