থিয়েটাৰ উদ্বোধন কৰাৰ বাবেই শিক্ষকক সমাজৰ পৰা এঘৰীয়াঃ ঔষধ ক্ৰয়তো বাধা

থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবে এঘৰীয়া হ'ল এগৰাকী শিক্ষক। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ শিলিগুড়িত।হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মাহকালটোল চুবুৰীয়ে লক্ষ্মী মন্দিৰ নিৰ্মাণৰ সাহৰ্যৰ্থে আমন্ত্ৰণ কৰিছিল বীনাপানী থিয়েটাৰ দলক।

author-image
Asomiya Pratidin
New Update
সমাজৰ পৰা এঘৰীয়া

ডিজিটেল সংবাদ হাজোঃ থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবে এঘৰীয়া হ'ল এগৰাকী শিক্ষক। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ শিলিগুড়িত।

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মাহকালটোল চুবুৰীয়ে লক্ষ্মী মন্দিৰ নিৰ্মাণৰ সাহৰ্যৰ্থে আমন্ত্ৰণ কৰিছিল বীনাপানী থিয়েটাৰ দলক। এই থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল শিক্ষক বিৰিঞ্চি কলিতাই ।

থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাই অপৰাধ হ'ল শিক্ষক বিৰিঞ্চি কলিতাৰ। ইতিমধ্যে বিৰিঞ্চি কলিতাক এঘৰীয়া কৰাৰ কথা মাইকযোগে ঘোষণা কৰিলে শিলিগুড়িৰ ৰাইজে।

ৰক্ষণশীল সমাজৰ বলি হোৱা শিক্ষকৰ পৰিয়ালটো এতিয়া হতাশাত ভূগিবলগীয়া হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই।

এতিয়া শিক্ষক গৰাকীয়ে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাতো বাধা আৰোপ কৰে শিলিগুড়িৰ ৰাইজে। ইপিনে অন্য দুটা পৰিয়ালকো থিয়েটাৰ পৰিচালনা ক্ষেত্ৰত সহযোগিতা কৰাৰ অপৰাধত এগৰাকী কৰ্কট ৰোগী আৰু দিন হাজিৰা কৰা লোককো এঘৰীয়া কৰাৰ অভিযোগ কৰিছে পৰিয়াল দুটাই । এই ঘটনাই সভ্য সমাজক লজ্জানত কৰি তুলিছে ।

হাজো থিয়েটাৰ