ব্যক্তিগত খণ্ডক অইল খাদৰ কাম! বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত...

ব্যক্তিগত খণ্ডক অইল খাদৰ কাম! বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত...
Published on
Updated on

ডিজিটেল সংবাদ ,টেঙাখাত : টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চকলিপথাৰস্থিত "এইচ এক্স এল - ৫ নং" অইল খাঁদত নতুনকৈ ড্ৰিলিং আৰম্ভ কৰা কামৰ তদাৰকৰ দায়িত্ব এম আৰ ডি নামৰ প্ৰতিষ্ঠানক গতাই দিয়া হৈছে। এই কাৰ্যই অঞ্চলটোলৈ চৰম ভাবুকি কঢ়িয়াই অনা কাৰ্যৰ বিৰোধিতা তথা স্থানীয় নিবনুৱাক সংস্থাপনৰ ব্যৱস্থাৰ লগতে বিভিন্ন দাবী জনাই দেওবাৰে ডিব্ৰুগড় জিলা বীৰ লাচিত সেনা , অসম ডিব্ৰুগড় জিলা সমিতি , প্ৰগতি সংঘ ও পুথিভঁৰাল , অসম জাতীয়তাবাদী যুৱ পৰিষদ ,সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চ আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু স্থানীয় মহিলা সহ: বহু ৰাইজৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

আজি পুৱা প্ৰায় ১১-৩০ বজাত প্ৰতিবাদী বেনাৰ লৈ উল্লেখিত সংগঠনৰ প্ৰতিনিধি তথা ৰাইজে বিভিন্ন প্ৰতিবাদী ধৰ্না দি উক্ত খাঁদৰ গেটৰ প্ৰহৰিৰ বাধাকো নেওচি খাঁদৰ ভিতৰত প্ৰৱেশ কৰি কাম-কাজ বন্ধ কৰিবলৈ বাধ্য কৰায় । উক্ত স্থলিত টেঙাখাত ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল দাসে বুজনি দিয়াৰ স্বত্বেও বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ নেতা উৎপল দত্ত ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰিণ্টু দত্ত মুখ্য সচিব প্ৰাণজিত গগৈ আদি নেতাই যুক্তি তৰ্ক কৰি প্ৰতিবাদ অব্যাহত ৰাখে ।

প্ৰায় ৪ ঘণ্টাৰ পিছত কুইপ্ৰ অইল এণ্ড গেছ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ দুই বিষয়া প্ৰতিনিধি উক্ত খাদৰ প্ৰতিবাদস্থলীত উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলে যুক্তি তৰ্কৰে এক আলোচনাত মিলিত হোৱাত তথা দাবী সমূহ মানি লোৱাৰ মৌখিক প্ৰতিশ্ৰুতি দিয়ে। তাৰ পাছতে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি হিৰণ্য ফুকন সাংগঠনিক সচিব ৰিণ্টু দত্ত মুখ্য সচিব প্ৰাণজিৎ গগৈ,স্থানীয় প্ৰগতি সংঘ ও পুথিভঁৰালৰ সভাপতি কমল সোনোৱাল, সম্পাদক সমীৰণ সোনোৱালৰ স্বাক্ষৰিত একোখনকৈ স্মাৰক পত্ৰ কুইপ্ৰৰ প্ৰতিনিধি আৰু টেঙাখাত ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰি কাৰ্যসূচী সমাপ্ত কৰে।

ব্যক্তিগত খণ্ডক অইল খাদৰ কাম! বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত...
জামুগুৰিহাটৰ ফুটবল খেল প্ৰতিযোগীতাত বিধায়ক পদ্ম হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in