ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক নিৰ্দেশনাৰ জৰিয়তে নিলম্বন কৰিলে তেজপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰঞ্জু মেধিক। ন্যায়ালয়ৰ পঞ্জীয়ক তথা ভিজিলেঞ্চ চত্ৰ ভূষণ গগৈয়ে স্বাক্ষৰ কৰা পত্ৰ No.HC.XV.10/2024/82/RV ৰ জৰিয়তে বিভাগীয় তদন্তৰ বাবে তেজপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ( বিশেষ ন্যায়াধীশ POCSO, শোণিতপুৰ, তেজপুৰ) ৰঞ্জু মেধিক নিলম্বন কৰাৰ কথা উল্লেখ কৰিছে।
পত্ৰখনত উল্লেখ কৰা মতে তদন্তৰ এই সময়ছোৱাত তেওঁ তেজপুৰতেই থাকিব পাৰিব যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে তেজপুৰৰ পৰা বাহিৰলৈ যাব নোৱাৰিব। তেওঁৰ এই নিলম্বনৰ সময়ছোৱাত শোণিতপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশগৰাকীয়ে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰো অতিৰিক্ত দায়িত্ব পালন কৰিব।
অৱশ্যে ন্যায়াধীশ ৰঞ্জু মেধিক কিয় নিলম্বন কৰা হ'ল সেই বিষয়ে এই পত্ৰখনত কোনো কথা উল্লেখ নাই। সেইদৰেই এই বিষয়ে কোনো আনুষ্ঠানিক তথ্যও এই পৰ্যন্ত লাভ কৰা নাই। অৱশ্যে তেজুপৰত হোৱা চৰ্চা অনুসৰি এক POCSO গোচৰত তেওঁৰ বিৰুদ্ধে উৎকোচ লোৱাৰো অভিযোগ আছে।
ইফালে প্ৰায় এমাহৰ পূৰ্বে শোণিতপুৰ জিলা আৰু সত্ৰ আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ চহী জাল কৰাৰ আন এক ঘটনা পোহৰলৈ আহিছিল। শোণিতপুৰ জিলা আৰু সত্ৰ আদালতৰ দুগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে এজন ব্যক্তিক এই আদালতৰে কৰ্মচাৰী সজাই বেংকৰ পৰা ঋণ লোৱাত সহায় কৰিছিল।
সেই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই তেজপুৰ সত্ৰ ন্যায়াধীশ আদালতৰ দুজনকৈ চতুৰ্থবৰ্গৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে কাগাৰালৈ নিক্ষেপ কৰিছে। তাৰে এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ নাম আছিল অমৰজিত দাস।
আৰক্ষীয়ে এই অমৰজিত দাসৰ বেংক একাউণ্ট পৰীক্ষা কৰাৰ সময়ত কেতবোৰ আপত্তিজনক তথ্য লাভ কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে চতুৰ্থবৰ্গৰ কৰ্মচাৰী অমৰজিতৰ একাউণ্টত লাখে লাখে টকা লেনদেন হৈছে।
এই ধনৰ উৎস বিচাৰিয়েই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়াত পোহৰলৈ আহে অমৰজিতৰ একাউণ্টৰ পৰা বহু ধন ন্যায়াধীশ ৰঞ্জু মেধিৰ একাউণ্টলৈ পঠিওৱা হৈছে। এই তথ্য পোহৰলৈ অহাৰ পিছতে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক আৰু শোণিতপুৰ সত্ৰ ন্যায়াধীশ আদালতে বিষয়টোক গুৰুত্বসহকাৰে লয়।
ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক চত্ৰ ভূষণ গগৈ ভিজিলেঞ্চ হিচাপে তদন্তৰ বাবে তেজপুৰত উপস্থিত হৈছিল। এনে ঘটনাক্ৰমৰ মাজতে আজি ন্যায়াধীশ ৰঞ্জু মেধিক গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বন কৰাত উক্ত ঘটনাৰে যোগসূত্ৰ বিচাৰি পাইছে তেজপুৰৰ একাংশ ব্যক্তিয়ে। সেয়েহে এতিয়া ন্যায়াধীশ ৰঞ্জু মেধিৰ এই নিলম্বনে সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
Also Read: গম্ভীৰৰ শ্ৰেষ্ঠ একাদশত নাই অধিনায়ক, আছে ধোনি, বিৰাট...