মন্ত্ৰী অতুল বৰা-কেশৱ মহন্তৰ তৎপৰতাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক জিএমচিত ভৰ্তি

মন্ত্ৰী অতুল বৰা-কেশৱ মহন্তৰ তৎপৰতাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক জিএমচিত ভৰ্তি
Published on
Updated on

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ৰঙিয়াৰ স্বস্তি হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁৰ দেহৰ কিছু কিছু অংশত পানী জমা হোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন হয়।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে আজি ততাতৈয়াকৈ জিএমচিলৈ প্ৰেৰণ কৰে। মন্ত্ৰী দুগৰাকীয়ে গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা বিশেষ এম্বুলেন্সেৰ সহায়ত দলৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালীৰ সহযোগত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰা তেওঁক গুৱাহাটী লৈ নিয়া হয়।

প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীক জি এম চি ৰ চি এন চেনেপ্ৰটাৰত ভৰ্তি কৰোৱা হয়। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চি এন চেন্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যক সকলো চিকিৎসকৰ সৈতে এটা গোট গঠন কৰি চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী দুগৰাকীৰ এই প্ৰচেষ্টাক ৰঙিয়াবাসীয়ে বিশেষভাৱে শলাগ লয়।

মন্ত্ৰী অতুল বৰা-কেশৱ মহন্তৰ তৎপৰতাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক জিএমচিত ভৰ্তি
আজি মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোডীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in