বিধানসভাত গৃহীত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪': অতীত হ'ল কাজি প্ৰথা...

মুছলিম বিবাহত হস্তক্ষেপ নকৰে চৰকাৰে
বিধানসভাত গৃহীত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪': অতীত হ'ল কাজি প্ৰথা...
বিধানসভাত গৃহীত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪': অতীত হ'ল কাজি প্ৰথা...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম বিধানসভাত আজি গৃহীত হয় 'দ্যা আছাম ৰিপিলিং বিল-২০২৪'। ইয়াৰ লগে লগে বাতিল হ'ল 'দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ'ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫'। এতিয়াৰে পৰা এই আইনৰ স্থান ল'ব 'Assam Compulsory Registration of Muslim Marriages and Divorces Bill, 2024'য়ে।

বিধানসভাত এই বিল গৃহীত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ''১৯৩৫ৰ শ্বৰিয়ত আইনৰ লগত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪'ৰ কোনো সম্পৰ্ক নাই। কাজিসকল বাল্য বিবাহ প্ৰতিৰোধৰ পক্ষপাতী নহয়। সেয়ে তেওঁলোক এই আইনৰ বিৰুদ্ধে কাজিসকল দ্বাৰস্থ হৈছে উচ্চ ন্যায়ালয়ৰ।

তেওঁ পুনৰ কয়, কাজিসকল বিশ্বাসযোগ্য ব্যক্তি নহয়। আমাৰ কাজি প্ৰথা বিলুপ্তি কৰাই হৈছে মূল লক্ষ্য। ১৯৩৫ চনৰ পৰা কাজিসকলে পঞ্জীয়ন কৰিলে মুছলিম বিবাহ। এই কাজিসকলে আইন বিৰোধভাৱে উপ-কাজিও নিয়োগ কৰে। এনে কাৰণতে বিলুপ্তি ঘটোৱা হৈছে কাজি প্রথাৰ।

তেওঁ কোনো বে-চৰকাৰী ব্যক্তিয়ে মুছলিম বিবাহ পঞ্জীয়নৰ দায়িত্ব লাভ নকৰে বুলি উল্লেখ কৰি কয়, উচ্চতম ন্যায়ালয়ে বিবাহ পঞ্জীয়নৰ কৰ্তৃত্ব দিছে ৰাজ্য চৰকাৰসমূহক। চৰকাৰী ব্যক্তিহে উপ-পঞ্জীয়কৰ দায়িত্বত থাকিব। মুছলিম বিবাহ পঞ্জীয়নৰ মাচুল হ'ব মাত্ৰ ১ টকা।

তেওঁ কাজি প্ৰথা বিলুপ্তি কৰাৰ কথা উল্লেখ কৰি পুনৰ কয়, কাজিসকলে মানি লোৱা-নোলোৱাৰ ওপৰত বিধানসভা নচলে। ইয়াৰোপৰি তেওঁ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুক গুৱাহাটীৰ সদৰ কাজিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো নিৰ্দেশ দিছে।

আনহাতে বিধানসভাত এই আইনৰ বিতৰ্কত এ আই ইউ ডি এফৰ বিধায়কৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, মুছলমানসকলৰ নিকাহৰ ক্ষেত্ৰত আমি হস্তক্ষেপ কৰা নাই। আপোনালোকে বাহিৰত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। অনুগ্ৰহ কৰি নিকাহৰ সংজ্ঞা ভালকৈ অধ্যয়ন কৰিব।

তেওঁ কয়, প্ৰথমেই হ'ব নিকাহ। এই নিকাহত আমাৰ কোনো কথা নাই। নীতি, নিয়ম আৰু মুছলিম পাৰ্ছনেল ল মানি নিকাহ হ'লে দুজন ব্যক্তি স্বামী আৰু পত্নী। তাত লিভ ইন ৰিলেচনৰ কথা নাহেই।

অধ্যাদেশ জাৰি কৰি আমি কাজি 'চিষ্টেম' বন্ধ কৰিলো। বহুখিনি নিকাহ মাজত হৈ গ'ল। ইতিমধ্যে নিকাহ কৰা পুৰুষ, মহিলা ৰেজিষ্ট্ৰেচনৰ বাবে ৰৈ আছে। সেয়েহে যিয়ে কাজীত ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিলে তেওঁলোকক এইখন আইনত অবৈধ আখ্যা দিয়া নাই।

আজি ৬ মাহ ধৰি অসমত কাজি নাই। এই ৬ মাহৰ ভিতৰত অসমত যিখিনি নিকাহ হ'ল আৰু নিকাহ হ'ব এই দুয়োখিনি মানুহক ৰেজিষ্ট্ৰেচনৰ সুবিধা দিবলৈ solemnized আৰু intendant শাখা ৰখা হৈছে।

আনহাতে বহু মুছলাম পুৰুষ, মহিলাই নিকাহ কৰি পঞ্জীয়ন কৰিবলৈ আহিব আৰু কিছুমানে নিকাহ পতাৰ আগতেই ৰেজিষ্ট্ৰেচন কৰিব। নিকাহ আমি নাপাতো। ছাব-ৰেজিষ্টাৰৰ বিয়া পতাৰ অধিকাৰেই নাই। বিয়া বা নিকাহ হ'ব লাগিব মুছলিম পাৰ্ছনেল ল আৰু ৰীতি-নীতিৰ মতে।

বিধানসভাত গৃহীত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪': অতীত হ'ল কাজি প্ৰথা...
গুৱাহাটীত আকৌ বাঢ়িল গাখীৰৰ মূল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in