ৰাজ্যত বলিছে উপ-নিৰ্বাচনৰ বতাহঃ প্ৰকাশ পালে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা...

অনলাইন মাধ্যমেৰে ডাউনলোড কৰিব পাৰিব আবেদন পত্ৰ

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বলিছে উপ-নিৰ্বাচনৰ বতাহঃ প্ৰকাশ পালে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা...

ৰাজ্যত বলিছে উপ-নিৰ্বাচনৰ বতাহঃ প্ৰকাশ পালে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা...

ডিজিটেল ডেস্কঃ অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। আজি আয়োগে পাঁচোটা বিধানসভা সমষ্টিৰ বাবে ঘোষণা কৰিছে খচৰা ভোটাৰ তালিকা।

সেই অনুসৰি ৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৮২,৩৫৪ গৰাকী। ইয়াৰে ৮৯৫১০ গৰাকী পুৰুষ, ৯২৮৪২ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লীংগৰ ভোটাৰ। সমষ্টিটোত মুঠ ভোট কেন্দ্ৰ আছে ২২৪৬ টা। ইয়াৰে ৫৬ টা ভোট কেন্দ্ৰ নগৰ অঞ্চলত আৰু ১৯০ টা ভোট কেন্দ্ৰ গ্ৰামাঞ্চলত।

সেইদৰে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮০৪৪৮ গৰাকী। ইয়াৰ ভিতৰত ৯১৩০৪ গৰাকী পুৰুষ ভোটাৰ আৰু ৮৯১৩৩ গৰাকী মহিলা ভোটাৰ। সমষ্টিটোত তৃতীয় লীংগৰ ভোটাৰ আছে ১১ গৰাকী। আনহাতে সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ১৯৭ টা।

১১ নং ধলাই সমষ্টিত আকৌ মুঠ ভোটাৰ ১৯৬৭৭২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৯৯৪৩১ গৰাকী আৰু মহিলা ভোটাৰ ৯৭৩৪০ গৰাকী। সমষ্টিটোত তৃতীয় লীংগৰ ভোটাৰ আছে এগৰাকী। ইয়াৰোপৰি সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰ হৈছে ২০৮ টা।

বিহালী বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১৩৩৩০০ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৬৫৯৩৪ গৰাকী আৰু মহিলা ভোটাৰ ৬৬৩৬৫ গৰাকী। সমষ্টিটোত তৃতীয়লীংগৰ ভোটাৰ আছে এগৰাকী। সমষ্টিত মুঠ ভোটকেন্দ্ৰ হ'ব ১৫৪ টা।

অৱশ্যে ছিদলী বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলে। কিছু কাৰিকৰী বিসংগতিৰ বাবে চিৰাং জিলাৰ নিৰ্বাচনী কাৰ্যালয়ে বুধবাৰে পুৱাহে ছিদলী ছিদলী সমষ্টিৰ খচৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰিব। অৱশ্যে আমাৰ চিৰাঙৰ সাংবাদিকে জিলাখনৰ নিৰ্বাচনী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত জিলাখনৰ খচৰা ভোটাৰ তালিকাত মুঠ ২১৬৯৭২ গৰাকী ভোটাৰ আছে বুলি জনাইছে। সমষ্টিটোত পুৰুষ, মহিলা, তৃতীয় লীংগৰ ভোটাৰৰ সংখ্যা বুধবাৰে আনুষ্ঠানিকভাৱে খচৰা তালিকা প্ৰকাশ পালেহে জানিব পৰা যাব।

উল্লেখ্য যে, উপৰোক্ত ৫ টা বিধানসভা সমষ্টিৰ বিধায়ক কেইগৰাকী সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছিল। আজি আয়োগে এই সমষ্টি কেইটাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।

আয়োগে জনোৱা অনুসৰি এই সমষ্টি কেইটাত ২০২১ চনত উপলব্ধ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব। এই খচৰা ভোটাৰ তালিকা দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা ১০ আগষ্টলৈ থাকিব।

দাবী আৰু নিষ্পত্তিকৰণ কৰা হ'ব ১৯ আগষ্টত। ইয়াৰ পিছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০ আগষ্টত। এই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে সংশ্লিষ্ট সমষ্টি কেইটাৰ ৰাইজে অনলাইন মাধ্যমেৰেও আবেদনপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

ceoassam.nic.in ৱেবচাইটৰ পৰা অনলাইন আবেদনপত্ৰ সংগ্ৰহ কৰি সেইসমূহ পূৰণ কৰি বি এল অ' বা ই আৰ অ' অথবা ডি ই অ' কাৰ্যালয়ত জমা দিব লাগিব। আবেদনপত্ৰ অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পাৰিব যদিও অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব।

Also Read: ৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতাঃ সমষ্টি ভিত্তিত গঠন কৰিলে ৫ জনীয়া বিশেষ কমিটী...

বিধানসভা নিৰ্বাচন উপ-নিৰ্বাচন