বানৰ পিচত স্বাভাৱিক অৱস্থালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ

বানৰ পিচত স্বাভাৱিক অৱস্থালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : শেহতীয়া বান পৰিস্থিতিৰ পাছত ক্ৰমে স্বাভাৱিক অৱস্থালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ ৷ অৱশ্যে কিছু সংখ্যক বন্যজন্তু বৰ্তমানেও আশ্ৰয় লৈ আছে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাত ৷

আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত নিম্নগামী হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ কিন্তু প্ৰয়োজন অনুপাতে ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰভাৱ নপৰিল ৷ কিয়নো বানৰ প্ৰভাৱত ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন্যজন্তুৰ ক্ষতিসাধন হয় যদিও পৰিবেশ তন্ত্ৰৰ বৰ্তাই ৰাখিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰয়োজনীয়তা থাকে ৷ এই সম্পৰ্কে উদ্যানখনৰ গৱেষণা বিষয়া ৰবীন শৰ্মাই কয় কাজিৰঙাৰ বাবে বছেৰেকীয়া বান এক অবিচ্ছেদ্য অংগ ৷

ইফালে বছৰৰ প্ৰথমটো বানে তচনচ কৰি গ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চল। এই এলেকাটোত বানে সৰ্বাধিক ক্ষতি কৰে ৷ বানত ৯০ শতাংশ বুৰ যোৱা বনাঞ্চলখনৰ ৩২ টা বন শিবিৰৰ ২৫ টাতে বাঢ়নী পানী সোমাই ৷

বহুকেইটা বন শিবিৰৰ লগতে নষ্ট হৈছে পেট্ৰ'লিং পথ ৷ পানী কিছু কমিছে যদিও বৰ্তমানেও বনাঞ্চলখনৰ ৫ টা বনশিবিৰ জলমগ্ন । বন্যজন্তুসমূহ হাইলেণ্ডত আশ্ৰয় লোৱাৰ বিপৰীতে ঠায়ে ঠায়ে দেখা দিছে খাদ্য সংকটে ৷

কিয়নো বৰ্তমানেও জলমগ্ন বনাঞ্চলখনৰ তৃণভোজী প্ৰাণীৰ বিচৰণভূমি ৷ বৰ্তমানলৈকে বনাঞ্চলখনৰ পৰা বন্যজন্তু মৃত্যুৰ খবৰ নাই যদিও পানী কমাৰ পাছত বন্যজন্তুৰ মৃত্যুৰ তথ্য প্ৰকাশ হ'ব বুলি বনাঞ্চলখনৰ বনাঞ্চলিক বিষয়াই জনায় ৷

বানৰ পিচত স্বাভাৱিক অৱস্থালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ
বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in