বটদ্ৰৱা থানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ বহুভাষী কবি সন্মিলন...

বটদ্ৰৱা থানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ বহুভাষী কবি সন্মিলন...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "সমাজ জীৱনত কবিতাৰ সুদূৰপ্ৰসাৰী প্ৰভাব, সমাজ সংগঠন, ইতিহাস চৰ্চা, ৰাষ্ট্ৰীয়তাবাদৰ উন্মেষ, আদি ক্ষেত্ৰত কবিতাৰ শক্তিশালী মাধ্যম" শীৰ্ষক বিষয়বস্তুৰ চৰ্চাৰ লক্ষ্যৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান প্ৰাংগনত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ" বহুভাষী কবি সন্মিলন"।

ভাৰতীয় ইতিহাস সংকলন সমিতি নগাঁও জিলাৰ উদ্যোগত অনুষ্ঠিত বহুভাষী কবি সন্মিলনৰ আজিৰ সামৰণি দিনা পূৱা ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰৰ সঞ্চালনাত "ৰাষ্ট্ৰীয় পুনৰুত্থান আৰু সমাজৰ যোগাত্মক পৰিবৰ্তনত ভাৰতীয় কাব্য সাহিত্যৰ ভূমিকা" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰত বিশিষ্টা সাহিত্যিক ড০ স্বাধীনতা মহন্তই "মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ পবিত্র জন্মস্থান বটদ্ৰৱাত বহুভাষিক কবি সন্মিলনৰ গুঞ্জনে অপূৰ্ব পৰিবেশ সূচনা কৰিছে" বুলি ভাষন প্ৰদান কৰে।

অনুষ্ঠানটি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিশিষ্ট কবিয়ে অসমীয়া, হিন্দী, ইংৰাজী, বাংলা, তিৱা, মনিপুৰী, কাৰ্বি, ডিমাছা আদি বিভিন্ন ভাষাৰ কবিতা ভাৱ, ৰস, চন্দ্ৰ, লয়ৰে যথাযথ স্বক্ষেপনেৰে বাংময় কৰি স্মৃতিৰ পৰা আবেগপূৰ্ণ ভাবে গাই পৰিবেশ সুন্দৰ কৰি তোলে। ইফালে বহুভাষী কবি সন্মিলন কালি আৰম্ভণি অনুষ্ঠানৰ পুৱা ১০ বজাত পঞ্জীয়নৰ পাছত বন্তি প্ৰজ্বলন, সংকল্প পাঠ, পৰিচয় আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰ আঁত ধৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক তথা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সম্পাদক প্ৰাঞ্জল হাজৰিকাই।

পাছত ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সভাপতি ড০ গজেন্দ্ৰ অধিকাৰীৰ পৌৰহিত্যত আলোচনা চক্ৰ অনুষ্ঠিত হয়। অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰে উদেশ্যে ব্যখ্যা কৰা অনুষ্ঠানটিত বীজ বক্তব্য দাঙি ধৰি "ভাৰতীয় কাব্য সাহিত্যত দেশপ্ৰেম আৰু ইতিহাস" শীৰ্ষক বিষয়ৰ বিশ্লেষণ কৰে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ সভাপতি তথা অসম লোকসেৱা আয়োগৰ সদস্য সাহিত্যিক ড০ নিৰঞ্জন কলিতাই।

সভাত বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই বটদ্ৰৱাৰ গৌৰৱময় ইতিহাস, ঐতিহ্য, সংস্কৃতিৰ চমু আভাস দাঙি ধৰে। পাছত অনুষ্ঠিত কবি সন্মিলন উদ্ধোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকাই। অনুষ্ঠানটিত ভাৰতীয় ইতিহাস সংকলন সমিতি, নগাঁও জিলাৰ সভাপতি ড০ দিলীপ শৰ্মা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদিৱ লস্কৰ, ডিব্ৰু মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ বন্তি ফুকন সোনোৱাল, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, ইন্দ্ৰমোহন বৰুৱা, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকা, বিশ্ব হিন্দু পৰিষদ প্ৰান্ত ধৰ্মচাৰ্য প্ৰমুখ ৰাজীৱ কলিতা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি চাৰি শতাধিক লোক উপস্থিত থাকে।

বটদ্ৰৱা থানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ বহুভাষী কবি সন্মিলন...
অসমীয়া ৰাজ্যপাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in