ঠিকনা বিহীন বৃদ্ধাক ৰাইজৰ অৰ্থ সাহাৰ্যৰে বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ

ঠিকনা বিহীন বৃদ্ধাক ৰাইজৰ অৰ্থ সাহাৰ্যৰে বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজানঃ ঠিকনা বিহীন এগৰাকী বৃদ্ধাক আশ্ৰয় দি মানৱতাৰ পৰিচয় দিছে তিতাবৰ মুকবধি প্ৰতিবন্ধী বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালিকা মিনু ধনদিয়াই । দুৰ্গত আৰু আৰ্তজনৰ কাষত সদায় ঠিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে এই এগৰাকী মানৱ দৰদী মিনু ধনদিয়াই ।

তিতাবৰ প্ৰতিবন্ধী মুকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালিকা মিনু ধনধিয়া বিগত প্ৰায় ২০ বছৰো অধিক কাল আৰ্তজনক সহায় কৰি আহিছে মিনু ধনদিয়াই । উল্লেখযোগ্য যে আজিৰ পৰা ২৫ বছৰ আগত কুচুম বেগম নামৰ এগৰাকী ঠিকনা বিহীন অসহায় মহিলাক তিতাবৰ আমগুৰি পতিয়াচুকৰ ছৈয়দ আৰিফা বেগমে ৰাজপথত অনাই বনাই গুৰি ফুৰা দেখিছিল ।

আশ্ৰয়হীন পথৰ পৰা তুলি আনি নিজৰ ঘৰত আশ্ৰয় দিছিল । তেতিয়াৰে পৰা সুখে- দুখ দুয়ো প্ৰায় ২৫ বছৰ কাল একেলগে অতিবাহিত কৰে । গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাত বসবাস কৰি থকা ছৈয়দ আৰিফা বেগমৰ ৫ দিনৰ পূৰ্বে মৃত্যু হয় । সম্প্ৰতি ষাঠি উৰ্দ্ধৰ কুসুম বেগম নাম মহিলাগৰাকী অকলশৰীয়া হৈ পৰিল ।

অকলশৰীয়াহৈ পৰা কুসুম বেগমলৈ এতিয়া আমগুৰি পতিয়া গাঁৱৰ ৰাইজও চিন্তিত হৈ পৰে। কাৰণ চোৱাচিতা কৰিবলৈ কোনো নাই এই ষাঠি উৰ্দ্ধৰ মহিলাগৰাকীক। মহিলা গৰাকী এনে অৱস্থাৰ কথা জানিব পাৰি আগবাঢ়ি আহিল তিতাবৰ প্ৰতিবন্ধী মুকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালিকা মিনু ধনদিয়া।

গাঁৱৰ ৰাইজৰ লগত যোগাযোগ কৰি যোৰহাটৰ এখন বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰি দিয়ে। আজি গাঁৱৰ ৰাইজে মিনু ধনদিয়াৰ লগতে বৃদ্ধাগৰকীক সম্বৰ্ধনা জনোৱাৰ লগতৰ বৃদ্ধাগৰাকীক ১০ হাজাৰ টকা দি যোৰহাটৰ বৃদ্ধাশ্ৰমলৈ থৈ আহে ।

তিতাবৰ প্ৰতিবন্ধী মুকবধিৰ বিদ্যালয়ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালিকা মিনু ধনদিয়াক এনে প্ৰসংশনীয় কামৰ বাবে আমগুৰি পতিয়া গাঁৱৰ ৰাইজৰ লগতে তিতাবৰৰ সচেতন ৰাইজে ধন্যবাদ জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in