চিকমৰ ৰাইজে কচু খেতিৰে চলাইছে জীৱন-জীৱিকাৰ সংগ্ৰাম

চিকমৰ ৰাইজে কচু খেতিৰে চলাইছে জীৱন- জীৱিকাৰ সংগ্ৰাম

author-image
Asomiya Pratidin
New Update
চিকমৰ ৰাইজে কচু খেতিৰে চলাইছে জীৱন-জীৱিকাৰ সংগ্ৰাম

ডিজিটেল সংবাদ,জামুগুৰিহাট : পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পিছতে শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপতে আছে অসমৰ দ্বিতীয়টো বৃহৎতম নদীদ্বীপ চিকম ৷ ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়াভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই বৃহৎ নদীদ্বীপটোত মূলতে বসবাস কৰা ২ শতাধিক মিচিং জনগোষ্ঠীয় লোকৰ পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷

জামুগুৰিহাটৰ পৰা কেৱল নাৱেৰে যাতায়তৰ সুবিধা থকা চিকম নামৰ এই নদীদ্বীপ সুস্বাদু কচু খেতিৰ বাবেই বিখ্যাত ৷ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও প্ৰধানকৈ সুস্বাদু কচু খেতিতহে আত্মনিয়োগ কৰা দেখা গৈছে ৷

জানিব পৰামতে প্ৰতি ঘৰ মানুহে ৫ৰ পৰা ১০ বিঘা পৰ্যন্ত মাটিত কচু খেতি কৰি স্ব- নিৰ্ভৰশীল হৈ পৰিয়াল ভৰণ-পোষণ দি আহিছে ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নদীদ্বীপ চিকমৰ বিভিন্ন প্ৰজাতিৰ সুস্বাদু কচুৱে জামুগুৰিহাটৰ লগতে জিলাখনৰ বজাৰসমূহতো লাভ কৰিছে ব্যাপক চাহিদা ৷

নদীদ্বীপ চিকমৰ ৰাইজে উৎপাদিত কচু বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ চিকমলৈ যাতায়তৰ একমাত্ৰ উপায় নাঁও তথা যন্ত্ৰচালিত নাৱৰো আছে সু-ব্যৱস্থা।

নদীদ্বীপ চিকমবাসীক বন্যহস্তীয়ে উপদ্ৰৱ চলাই যথেষ্ট ক্ষতি কৰাৰ মাজতে বৰদিকৰাই নদীৰ গড়া খহনীয়াই সৃষ্টি কৰিছে বৃহৎ সমস্যা ৷ এই জ্বলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ দ্বিতীয় বৃহৎ নদীদ্বীপ চিকমবাসী ৰাইজে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে চৰকাৰক আহৱান জনাইছে ৷

Also Read: ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

jamugurihat padma hazarika himanta biswa saema