গুৱাহাটী হাই কৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ প্ৰধানমন্ত্ৰীৰ...

বিভিন্ন কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিছে দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী । চাংচাৰীৰ এইমছ উদ্ধোধনৰ উপৰিও কলাক্ষেত্ৰ, গুৱাহাটী হাইকৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানকে ধৰি বহু কেইটা কাৰ্যসূচীত আজিৰ দিনটোত ভাগ লৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে
গুৱাহাটী হাই কৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ প্ৰধানমন্ত্ৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিভিন্ন কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিছে দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডী । চাংচাৰীৰ এইমছ উদ্ধোধনৰ উপৰিও কলাক্ষেত্ৰ, গুৱাহাটী হাইকৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানকে ধৰি বহু কেইটা কাৰ্যসূচীত আজিৰ দিনটোত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটী HCৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ কৰি মোডীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিজস্ব পৰিচয় আছে, ন্যায়ালয়ৰ ৭৫বছৰত অঞ্চলটোৰ ইতিহাসো জড়িত হৈ আছে বুলি নিজৰ ভাষণত এনে মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লগতে তেওঁ কয় যে পুৰণি আইন বিলোপ কৰাটো সময়ৰ আহ্বান, আমি ২০০০ এনে পুৰণি আইন বিলোপ কৰিছো, ন্যায়পালিকাই হওক, চৰকাৰেই হওক, প্রত্যেকৰে নিজস্ব গুৰুত্ব আছে বুলিও নিজৰ ভাষণত উল্লেখ কৰে মোডীয়ে ।

তদুপৰি সম্পত্তিৰ অধিকাৰ আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ বিষয় বুলি উল্লেখ কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টোৰ বাবেই আদালতৰ বোজা বাঢ়ে, এই বোজা লাঘৱ কৰিবৰ বাবে আমি কাৰিকৰী সুবিধা গ্রহণ কৰিছো । এইদৰে নিজৰ ভাষণত ন্যায় সমন্ধীয় বহু মন্তব্য প্ৰ্দান কৰে প্ৰদানমন্ত্ৰী মোডীয়ে । মোডীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াকে , অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুকে ধৰি বহু কেইজন শীৰ্ষ বিষয়াই ।

গুৱাহাটী হাই কৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ প্ৰধানমন্ত্ৰীৰ...
দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in