এশ এবুৰি সমস্যাৰে জৰ্জৰিত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়

এশ এবুৰি সমস্যাৰে জৰ্জৰিত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়

author-image
Asomiya Pratidin
New Update
এশ এবুৰি সমস্যাৰে জৰ্জৰিত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়

ডিজিটেল সংবাদ,ছয়দুৱাৰ : বাহিৰে ৰং চং,ভিতৰে কোৱা ভাতুৰী সদৃশ পৰিৱেশে বিৰাজ কৰিছে গহপুৰস্থিত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত। পূৰ্বতে ৩০ খন বিছনাযুক্ত আছিল গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়। পিচলৈ ১০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নিত কৰি দুমাহ পূৰ্বে চিকিৎসালয়খনক অসামৰিক চিকিৎসালয়ৰ মৰ্যদা দি চিকিৎসালয়খনক ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় নামেৰে নামাকৰণ কৰা হয়।

উল্লেখযোগ্য যে অত্যাধুনিক কাৰ্য ব্যৱস্থাৰে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল বৰ্তমানৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়খন। এই চিকিৎসালয়খন ২০২২ চনৰ ২০ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল।

দেখিবলৈ ৰংচঙীয়া চিকিৎসালয়খনৰ পৰা গহপুৰ মহকুমাৰ সাধাৰণ জনতা যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছিল। কিন্তু দিন বাগৰাৰ লগে লগে চিকিৎসালয়খনৰ অৱস্থা দেখি ৰাইজ অস্বস্তিত ভুগিছে।

পূৰ্বতে প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক থকাৰ কাৰণে চিকিৎসালয়খনৰ পৰা প্ৰসূতি মাতৃসকল যথেষ্ট উপকৃত হৈ আহিছিল। এতিয়া উক্ত বিভাগৰ চিকিৎসক ডা০ ৰঞ্জিত কাৰীয়ে কেইবামাহৰ পূৰ্বে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অচল হৈ পৰিছে চিকিৎসালয়খন।

বিশ্বনাথ চাৰিআলিৰ পৰা ডাঃ লাচিত তেৰাং নামৰ এগৰাকী স্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসকক সপ্তাহত ৩দিনকৈ চিকিৎসালয়খনত চিকিৎসা সেৱা আগবঢ়াবৰ বাবে নিৰ্দেশ দিয়া হৈছিল। পিছত যোৱা ১৬ জুলাইত তেওঁক সপ্তাহটোৰ আটাইকেইদিন উক্ত চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াবলৈ আন এক নিৰ্দেশ দিয়ে যদিও ডাঃ লাচিত তেৰাঙে উক্ত নিৰ্দেশ কিমান দূৰ কাৰ্য্যকৰী কৰে সেয়া সময়েহে নিশ্চিত কৰিব বুলি একাংশই মন্তব্য কৰে।

কাৰণ পূৰ্বৰ নিৰ্দেশ সঠিকভাৱে পালন কৰাত ব্যৰ্থ হৈছিল ডাঃ তেৰাঙ। ইপিনে, সপ্তাহত ৩দিনকৈ চিকিৎসা প্ৰদানৰ নিৰ্দেশ থকা বালিচাঙৰ শিশু ৰোগ বিশেষজ্ঞ ডা: নীতিশ মিলিয়েও নিজ খেয়াল খুচিমতেহে চিকিৎসা সেৱা আগবঢ়াই আহিছে।

জৰুৰী সময়ত বহু ৰোগীক তেওঁ ডাঃ ৰঞ্জিত কাৰীৰ ব্যক্তিগত নাৰ্ছি‌ঙ হোমখনলৈ চিকিৎসাৰ বাবে মাতি পঠিওৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে।ইপিনে চিকিৎসালয়খনত এনাস্থেছিয়া বিভাগৰ চিকিৎসক নথকাৰ ফলত চিজাৰিয়ান পদ্ধতিৰে সন্তান প্ৰসৱ কৰা নাইবা অস্ৰোপ্ৰচাৰৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈ আহিছে।

জানিব পৰা মতে বৰ্তমান মেডিচিন বিশেষজ্ঞ,অস্থিৰোগ বিশেষজ্ঞ,চকু বিশেষজ্ঞ,ই এন টি বিশেষজ্ঞ,হৃদৰোগ বিশেষজ্ঞ,পেথলজিষ্ট,ৰেডিঅ'লজিষ্টকে ধৰি বিভিন্ন বিভাগৰ চিকিৎসক নাই অসামৰিক চিকিৎসালয়খনত। নামমাত্ৰ কেইজনমান চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ তত্বাৱধানত চলি থকা অসামৰিক চিকিৎসালয়ৰ পৰা মুঠেও উপকৃত হোৱা নাই গহপুৰ মহকুমাৰ ৰাইজ।

ইপিনে অসামৰিক চিকিৎসালয়লৈ উন্নীত হোৱা ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত আজিলৈকে সৃষ্টি নহ'ল অধীক্ষকৰ পদ। উপ অধীক্ষকৰ পদটোৱো চলি আছে ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে। চিভিল হস্পিতালৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া আৰু ব্লক পি এইছ চিৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়াৰ কাম কাজ পৰিচালিত হৈ আছে এজন চিকিৎসা বিষয়াৰ দ্বাৰা।

চিভিল হস্পিতালৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ অৱনী ৰয় অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ডা: ৰবীন্দ্ৰ নাথ দেউৰীয়ে পৰিচালনা কৰিবলগীয়া হৈ আহিছে দুয়োটা বিভাগ। ইপিনে অসামৰিক চিকিৎসালয়খনৰ আই চি ইউ কক্ষ ইতিমধ্যে মুকলি কৰা হ'ল যদিও চিকিৎসা আৰু স্বাস্থ্য কৰ্মীৰ প্ৰশিক্ষণৰ অভাৱত এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে আই চি ইউ কক্ষ।

উল্লেখযোগ্য যে চিকিৎসালয়খনলৈ সোমোৱা মূল পথটোৰ সামান্য পকী অংশ এৰাই যোৱাৰ কাৰণে প্ৰৱেশ পথৰ লোৰ গেটখন যোৱা এসপ্তাহ ধৰি তলা মাৰি বন্ধ কৰি থোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ অহা পৰিলক্ষিত হৈছে। বৰ্তমান যিটো পথ চিকিৎসালয়খনলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে সেই পথটো একেবাৰে সূচল নহয়। মহকুমাটোৰ অসামৰিক চিকিৎসালয়খনৰ পয়ালগা অৱস্থাৰ পৰা গহপুৰীয়া ৰাইজে কেতিয়া পৰিত্ৰাণ পাব সেইয়া এতিয়া সকলোৰে বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।

Also Read: অসম সাহিত্য সভাৰ নৱ নিৰ্মিত মুখ্য ভৱনৰ দুটা মহলাৰ খৰচ বহন কৰিব জয়ন্ত বৰুৱাই

gohpur