বয়ন শিল্পৰে উজ্বলিছে ঢকুৱাখনাৰ ৰাজ সোনাৰী

হাতত তুলি লৈছিল সূতা , মহুৰা , মাকো আদিথলুৱা বয়ন সঁজুলি
বয়ন শিল্পৰে উজ্বলিছে ঢকুৱাখনাৰ ৰাজ সোনাৰী
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী প্ৰচাৰ বিমুখ কৰ্মোদ্যমী যুৱক । আনুষ্ঠানিক শিক্ষা আধাতে সাং কৰি মন মেলিছিল নিজস্বভাবে কিবা এটা কৰাৰ। আৰ্থিক দৈন্যতাৰ কৰালগ্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে স্বাভিমানী উপাৰ্জনৰ পথ হিচাবে বাচি লৈ হাতত তুলি লৈছিল সূতা , মহুৰা , মাকো আদিথলুৱা  বয়ন সঁজুলি।

আত্মীয়ৰ পৰা আনুষ্ঠানিক প্ৰশিক্ষণ লৈ নিজা ঘৰত এখন তাঁতশাল পাতি লোৱাৰে পৰা উভতি চাবলগীয়া হোৱা নাই এবাৰো। সম্প্ৰতি এই কৰ্মপটু যুৱকজনে সফলতাৰ আৰু স্বাৱলম্বীতাৰ সুউচ্চ শিখৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

ঢকুৱাখনা মহকুমাৰ গন্ধিয়া পঞ্চায়তৰ গন্ধিয়া গাঁওৰ এইজন স্বাভিমানী যুৱকৰ নাম ৰাজ সোনাৰী । প্ৰায় ২১ বছৰীয়া  ৰাজৰ এতিয়া ব্যস্ততাৰ অন্ত নাই । সমাগত বাপতি সাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত হেঁপাহৰ দীঘ আৰু মৰমৰ বাণীৰে ইখনৰ পাছত সিখন ফুলাম গামোচা , চাদৰ মেখেলা , তচ মুগাৰ কাপোৰ,  চেলেং চাদৰ ,টঙালীকে ধৰি বিভিন্ন বস্ত্ৰ সম্ভাৰ নিজ হাতে বৈ উলিয়াইছে । 

মহিলা শিপিনীৰ নিখুঁত বয়ন পাৰদৰ্শিতাৰ সতে ফেৰ মাৰি দৃষ্টি আকৰ্ষণীয় ফুল, নিখুঁত বয়ন পদ্ধতিৰে উৎপাদিত বিভিন্ন বস্ত্ৰ সম্ভাৰেৰে ৰাজুৱে বিগত সময়চোৱাত সন্তোষজনক  উপাৰ্জন কৰি আহিছে । "অসমীয়া প্ৰতিদিন ডিজিটেল"ক উদ্যমী যুৱক ৰাজে জনোৱামতে স্নাতক শিক্ষা আধাতে সাং কৰি পৰিয়ালৰ আব্দাৰত আই টি আইত নামভৰ্তি কৰি অট'মবাইল শাখাত ডিপ্লোমা শিক্ষা গ্ৰহণ কৰিছিল।

কিন্তু সৰুৰে পৰা এই বয়ন শিল্পৰ প্ৰতি বিশেষ দুৰ্বলতা থকা ৰাজে "অট'মবাইল " ক্ষেত্ৰখনলৈ মন নেমেলি ঘৰতে পাতি ললে এখন তাঁতী শাল । এই তাঁতী শালৰ মাজতেই স্বাৱলম্বনৰ সপোন বাস্তৱায়িত কৰিবলৈ দিন ৰাতি একাকাৰ কৰি নিভাঁজ আৰু নিখুঁত হস্তশিল্পৰ সমুজ্জ্বল দৃষ্টান্ত প্ৰদৰ্শন কৰি আহিছে বিগত ৩ বছৰ ধৰি।

পেছাত গাড়ী চালক পিতৃ ৰাজেন সোনাৰী আৰু মাতৃ ৰেখা সোনাৰীৰ লগতে আত্মীয়ৰ সহযোগত ব্যৱসায়িক সফলতাৰ ঈর্ষণীয় চানেকি দেখুৱাই অহা ৰাজৰ একান্ত ইচ্ছা, সততে কৰ্মবিমুখহৈ ঘূৰি ফুৰা ,চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ আশাহত হোৱা যুৱ প্ৰজন্মক স্বাৱলম্বিতাৰ সেন্দুৰীয়া পথত অগ্ৰসৰ হোৱাত সহায়ক হোৱাকৈ এটা নিজাববিয়া উৎপাদনী  গোট প্ৰতিষ্ঠা কৰিব ।

নিজৰ গুণগত বয়ন পাৰদৰ্শিতাৰ  বাবে ইতিমধ্যে ৰাজৰ উৎপাদিত বিভিন্ন বস্ত্ৰ সম্ভাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ গ্ৰাহকে ঘৰলৈ আহি ক্ৰয় কৰি নিয়া বুলি ক'লে । কোনোধৰণৰ চৰকাৰী অৰ্থসাহায্যৰ মুখ নেদেখা , ৰাজ্য চৰকাৰৰ স্বাৱলম্বন আঁচনিয়ে ঢুকি নোপোৱা , হস্ততাঁত বস্ত্ৰ বিভাগৰ দিহা পৰামৰ্শ লাভ নকৰা এইজন যুৱকে নিজৰ একক প্ৰচেষ্টাৰে আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ সফল যোদ্ধা হিচাবে পৰিচিত হৈ আহিছে।

উল্লেখ্য যে আগ্ৰহী ক্রেতাসকলৰ প্ৰয়োজন ,পচণ্ড আৰু ইচ্ছা অনুসৰি বিয়াৰ বাবে পাটৰ কাপোৰ ,জোৰা  আদি বৈ যোগান ধৰাৰ নিশ্চয়তা প্ৰদান কৰি যুৱকজনে ডাকযোগেও উচিত মূল্যৰ বিনিময়ত উৎপাদিত বস্ত্ৰ যোগান ধৰিব বুলি জানিবলৈ দি ইচ্ছুক গ্ৰাহকসকলে ৰাজৰ +919387718717 আৰু +919101089486 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনায় ।

বয়ন শিল্পৰে উজ্বলিছে ঢকুৱাখনাৰ ৰাজ সোনাৰী
অন্ত পৰিল আন্ত: ৰাজ্যিক চিনিয়ৰ পুৰুষ-মহিলা খো- খো প্ৰতিযোগিতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in