পোৰাবঙলাত লোকনিৰ্মাণ বিভাগৰ ভূমিত পকী দোকান নিৰ্মাণ কৰাৰ অভিযোগ

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৰ লগতে প্ৰকৃতি সুৰক্ষা মঞ্চয়ো তীব্ৰ বিৰোধিতা কৰে

author-image
Asomiya Pratidin
New Update
পোৰাবঙলাত লোকনিৰ্মাণ বিভাগৰ ভূমিত পকী দোকান নিৰ্মাণ কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, নুমলীগড় : মৰঙি ৰাজহ চক্ৰৰ অধীনৰ পোৰাবঙলাত লোকনিৰ্মাণ বিভাগৰ ভূমিত পকী দোকান নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি লেটেকুজান পঞ্চায়তৰ সন্মুখত গড়কপ্তানী পথৰ কাষত ১৯৮৮ চনতে সামাজিক বনানিকৰণ কৰা হৈছিল।

কিন্তু বৰ্তমান ডাঙৰ হোৱা কেইবাজোপা মূল্যবান গছ কাটি জনৈক দাস দম্পতীয়ে গড়কপ্তানী পথৰ ভূমি দখল কৰি স্থায়ী পকী দোকান নিৰ্মাণ কৰাত ক্ষুব্ধ হৈ পৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৰ লগতে প্ৰকৃতি সুৰক্ষা মঞ্চয়ো তীব্ৰ বিৰোধিতা কৰে।

শীঘ্ৰেই দোকানখন উচ্ছেদ কৰি ব্যস্ত পথটোত দুৰ্ঘটনা মুক্ত কৰাৰ আহ্বান জনোৱাৰ লগতে লোকনিৰ্মাণ বিভাগৰ ভূমি দখল কৰি স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ কৰিবৰ বাবে মৰঙি ৰাজহচক্ৰ বিষয়াক দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

শীঘ্ৰেই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নি দিয়ে।

Also Read: তামুলপুৰ ৰঙালী বিহু সন্মিলনৰ হীৰক জয়ন্তী উপলক্ষে ব্যাপক প্ৰস্তুতি

pwd assam