ম'বাইল চুৰিৰ ঘটনাৰে অভিযুক্তৰ নাই কোনো শুংসূত্ৰ

ম'বাইল চুৰিৰ ঘটনাৰে অভিযুক্তৰ নাই কোনো শুংসূত্ৰ
Published on
Updated on

ডিজিটেল সংবাদ,দুমনিচকী : উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত যোৱা ১১ জুলাইত সংঘটিত হৈছিল এক ম'বাইল চুৰিৰ ঘটনা। দুটাকৈ ম'বাইল চুৰিৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল চাংসাৰিৰ ৰুবুল নাথ আৰু জলাহৰ মনোৱাৰ আলী নামৰ দুজন লোকক।

উক্ত দিনা অভিযুক্ত লোক দুজনৰ ওপৰত জপিয়াই পৰিছিল একাংশ স্থানীয় লোক। ৰুবুল নাথ নামৰ লোকজন আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় যদিও নিজৰ প্ৰাণ বচাবলৈ মনোৱাৰ আলী নামৰ অভিযুক্তজনে ওচৰতে থকা পিতনিৰে পলায়ন কৰিছিল।

অৱশ্যে পলায়ন কৰা মনোৱাৰৰ সম্প্ৰতি কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা পৰিয়ালৰ লোকে। ইফালে আনগৰাকী অভিযুক্তক উত্তৰ গুৱাহাটী আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

সম্প্ৰতি নিৰুদ্দেশ হৈ থকা মনোৱাৰ আলীক বিচাৰি এচ ডি আৰ এফে অভিযান চলাই যদিও উদ্ধাৰ কৰিব পৰা নাই। আজিলৈকে মনোৱাৰৰ কোনো শুংসূত্ৰ লাভ নকৰাত পৰিয়ালৰ লোকে উক্ত দিনা প্ৰহাৰ কৰা একাংশ স্থানীয় লোকসকলৰ ওপৰত হত্যাৰ অভিযোগ তোলে। এই অভিযোগ তুলি মনোৱাৰৰ পৰিয়ালৰলোকে উক্ত লোকসকলৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

ম'বাইল চুৰিৰ ঘটনাৰে অভিযুক্তৰ নাই কোনো শুংসূত্ৰ
দিখৌৰ বাঢ়নী পানীয়ে হাহাকাৰ লগাইছে শিৱসাগৰত : এজনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in