তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

২ অক্টোবৰত মুকলি কৰিব বদলিৰ বাবে বিশেষ প'ৰ্টেল
তৃতীয়, চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...
তৃতীয়, চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাৰ্ছৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলিৰ বিষয়টোত তেওঁ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰিছে শীঘ্ৰেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক স্বচ্ছতাৰে বদলিৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে নিৰ্মাণ কৰা হৈছে এটা প'ৰ্টেল। এই প'ৰ্টেলৰ জৰিয়তেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলিৰ ব্যৱস্থা কৰা হ'ব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই সন্দৰ্ভত কয়, অসম চৰকাৰ কৰ্মচাৰীসকলক আমি স্বচ্ছতাৰে নিযুক্তি দিলোঁ। স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ নতুন লক্ষ্য হ'ল স্বচ্ছ বদলি।

কৰ্মচাৰীসকলৰ বদলিকৰণ ব্যৱস্থাক স্বচ্ছ কৰিবলৈ ৰাজ্য চৰকাৰে এটা প'ৰ্টেল মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, ২ অক্টোবৰৰ পৰা আমি এটা প'ৰ্টেল খুলিম। এই প'ৰ্টেলৰ জৰিয়তে তৃতীয় বৰ্গৰ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰেন্সফাৰ অৰ্থাৎ এজনে সিজনৰ ঠাইত, সিজনে ইজনৰ ঠাইলৈ যাব। এই প'ৰ্টেল ২৪ ঘণ্টাই খোলা থাকিব। ইয়াৰ কোনো দিন আৰু বাৰ নাথাকে। প্ৰত্যক দুমাহৰ মূৰে মূৰে যিমান আবেদন জমা হ'ব আমি সেইখিনি সম্পৰ্ণ কৰি গৈ থাকিম।

আনহাতে মিউচুৱেল ট্ৰেন্সপাৰৰ ক্ষেত্ৰত যিসকল কৰ্মচাৰীৰ অসুবিধা হ'ব সেইসকলৰ কথাও ৰাজ্য চৰকাৰে চিন্তা কৰিছে। তেওঁলোকৰ বাবে এই ব্যৱস্থা কিছু একা বেঁকা হ'ব বুলিও জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। এই ক্ষেত্ৰত কেইবাখনো জিলা সামৰি তেওঁলোকক মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰা হ'ব।

ইয়াৰ উদাহৰণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় এইদৰে- ''কোনোবা লখিমপুৰৰ পৰা ধেমাজিলৈ যাব, ধেমাজিৰ পৰা তেজপুৰলৈ যাব, তেজপুৰৰ জন আকৌ লখিমপুৰলৈ যাব। অলপ যদি একা-বেঁকা বাটেৰেও মিউচুৱেল হয় আমি সেইটোও এলাও কৰি দিম।'

এনে ব্যৱস্থাৰ ফলত কৰ্মচাৰীৰ বদলিৰ কোনো ফাইল আৰু দিছপুৰত পৰি নাথাকিব বুলিও তেওঁ উল্লেখ কৰে।প'ৰ্টেলত কৰ্মচাৰীসকলে যিদৰে আবেদন কৰিব সেইদৰেই বদলি কৰা হ'ব বুলিও জনায়। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই এতিয়া স্বাভাৱিকতে ঘৰুৱা জিলাৰ পৰা আন জিলাত গৈ কৰ্মৰত হৈ থকা তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক উৎফুল্লিত কৰিব।

তৃতীয়, চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...
অহা ১২ বছৰত ভাৰতৰ জনসংখ্যা হ'বগৈ ১৫২.২ কোটিঃ বৃদ্ধি পাব মহিলাৰ সংখ্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in