লংকাত চোৰৰ অতপালি : আৰক্ষীকো নকৰে কেৰেপ...

লংকাত চোৰৰ অতপালি : আৰক্ষীকো নকৰে কেৰেপ...

author-image
Asomiya Pratidin
New Update
লংকাত চোৰৰ অতপালি : আৰক্ষীকো নকৰে কেৰেপ...

ডিজিটেল সংবাদ,লংকা : সঘনাই হৈ থকা চোৰৰ উপদ্ৰপে এতিয়া লংকাবাসীৰ মাজত শংকাৰ সৃষ্টি কৰিছে। বৃহত্তৰ অঞ্চলটোত আজি কিছুদিনৰ পৰা প্ৰায়েই চুৰিকাৰ্য সংঘটিত হৈ থকা বুলি স্থানীয় লোক অভিযোগ তোলে। স্থানীয় আৰক্ষীকো কেৰেপ নকৰে একাংশ চোৰে।

যাৰ ফলত লংকাৰ জনসাধাৰণে বাসগৃহ এৰি কʼতো যাৱ নোৱাৰা এক পৰিবেশ সৃষ্টি হৈছে । অঞ্চলটোত চোৰৰ উপদ্ৰৱ থকাৰে মাজতে শনিবাৰে ২ নং ৱাৰ্ডৰ সুকান্ত ৰোডত সংঘটিত হয় চুৰিকাৰ্য । পম্পীৰাণী ঘোষ নামৰ এগৰাকী ভাৰতীয়া মহিলাৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে ৫/৬ ভৰি সোণ ৰূপৰ আ-অলংকাৰ আৰু সাচতিয়া ৬০/৭০ হেজাৰ নগদ টকা । ঘৰত তলা মাৰি  দোকানলৈ যোৱা প্ৰায় ৩/৪ ঘন্টা সময়ৰ ভিতৰতে চোৰে সংঘটিত কৰে এই চুৰিকাৰ্য ।

ভুক্তভোগীৰ ভাষ্য অনুসৰি বাসগৃহৰ বাথৰূমৰ পকী ভেন্টিলেটৰ ভাঙি চোৰে চলাইছিল লুটপাত । উল্লেখ্য যে, ধাৰাবাহিকভাৱে লংকাত চোৰে চুৰিকাৰ্য সংঘটিত কৰি জনসাধাৰণক আতংকিত কৰি ৰাখিছে যদিও আৰক্ষীয়ে এজনো চোৰক কাৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।  

Also Read: চৰাইদেউৰ মথুৰাপুৰত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন

Assam police lanka police thief