ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ বিলাসীপাৰাৰ কৃষ্ণনগৰ,নায়েৰ আলগা আৰু টিলাপাৰা আদি অঞ্চলৰ পৰা বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত এটা দলে যোৱা নিশাৰ পৰা ব্যাপক অভিযান চলাই আজি পুৱতি নিশা তিনিজন পি এফ আই সদস্যক আটক কৰে। আটকাধীন সদস্য তিনিজন যথাক্ৰমে আব্দুল হামিদ, আব্দুছ ছালাম তালুকদাৰ আৰু লুৎফৰ ৰহমান বুলি আৰক্ষীয়ে তথ্য সদৰি কৰে।
ইয়াৰে আব্দুল হামিদ সাংবাদিকতাৰ লগতে শিক্ষকতা,আব্দুছ ছালাম তালুকদাৰ ধুবুৰী জিলা পি এফ আইৰ সভাপতিৰ লগতে শিক্ষকতা আৰু লুৎফৰ ৰহমান এজন ঔষুধৰ দোকানদাৰ বুলি জানিৱ পৰা গৈছে।বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ লগতে আমাৰ জিলা সংবাদদাতাৰ লগত হোৱা এক আছুতীয়া স্বাক্ষাৎকাৰত মহকুমা আৰক্ষী বিষয়াজনে কয়ে যে আটকাধীন যুৱক তিনিজন পি এফ আইৰ সদস্য বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।
আটকাধীন যুৱক তিনিজনক আৰক্ষীয়ে আজি বিলাসীপাৰা মহকুমা আদালতত হাজিৰ কৰে।অধিক তথ্যৰ বাবে আৰক্ষীয়ে আদালতৰ ওচৰত তিনিদিনৰ বাবে আৰক্ষী জিম্মা বিচাৰিছে বুলি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আছুতীয়া স্বাক্ষাৎকাৰত কয়।