গাৰো পাহাৰৰ পানীৰ ঢলে উটুৱাই নিলে তিনিখন কাঠৰ দলং

গাৰো পাহাৰৰ পানীৰ ঢলে উটুৱাই নিলে তিনিখন কাঠৰ দলং

Published on

ডিজিটেল সংবাদ,মানকাচৰ : মেঘালয়ত হোৱা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ পূৰ্বাঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ লগতে কালো নদীৰ ওপৰত থকা তিনিখনকৈ কাঠৰ দলং উটুৱাই নিয়ে। পূৰ্বাঞ্চলৰ কালাপানী এলেকাৰ কালো নদীৰ ওপৰত থকা পানকাটা-টেপৰপাৰা কাঠৰ দলংখন পুৱা ৫ বজাত পানীৰ ঢলে উটুৱাই নিয়ে।

কাজিপুৰ-টোপপাৰা সংযোগী দ্বিতীয়টো কাঠৰ দলং পুৱা প্ৰায় ৬.৩০ বজাত পানীৰ ঢলত উটি যায়। আনহাতে কালাপানী আৰক্ষী চকীৰ সম্মুখত থকা কালাপানী-লক্ষীশ্বৰীফ সংযোগী তৃতীয়খন কাঠৰ দলং দিনৰ প্ৰায় ২ বজাত পানীৰ প্ৰবল সোঁতত উটি যায়।

একেদিনাই কালো নদীৰ ওপৰত থকা তিনিখনকৈ কাঠৰ দলং এইদৰে উটি যোৱাৰ ফলত দুয়োপাৰৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। বৰ্তমানে কালাপানীৰ সৈতে প্ৰায় ২০ খন গাঁৱৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে।

মেঘালয়ৰ পানীৰ ঢলৰ ফলত জিলাখনৰ বিশেষকৈ পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বিশেষকৈ কালাপানী এলেকাত বিস্তীৰ্ণ কৃষিভূমি কৃ্ত্ৰিম বানৰ পানীত প্লাৱিত হৈ থকাত কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে।

উল্লেখ্য যে প্ৰতিবছৰে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা পানীৰ ঢল নামি আহি কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ লগতে জিলাখনৰ পূৰ্বাঞ্চলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰে।

গাৰো পাহাৰৰ পানীৰ ঢলে উটুৱাই নিলে তিনিখন কাঠৰ দলং
ছিকিমত অব্যাহত থাকিল SKMৰ ৰাজত্বঃ কংগ্ৰেছতকৈ দুগুণ বেছি ভোট পৰিল NOTAত...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in