বিজেপি সভাপতি ভৱেশ কলিতাৰ ছত্ৰছায়াত কাজিৰঙাত কাঠ চিণ্ডিকেট...

কাজিৰঙাৰ ৰাজপথত গোবিন চৰকাৰ বাহিনীৰ সন্ত্ৰাস। কাঠ পৰিবাহী এখন গাড়ীৰ পৰা এই গোবিন চৰকাৰ বাহিনীয়ে সংগ্ৰহ কৰিছে ১ লাখকৈ টকা।

author-image
Asomiya Pratidin
New Update
বিজেপি সভাপতি ভৱেশ কলিতাৰ ছত্ৰছায়াত কাজিৰঙাত কাঠ চিণ্ডিকেট...

ডিজিটেল সংবাদ, বোকাখাত : কাজিৰঙাৰ ৰাজপথত গোবিন চৰকাৰ বাহিনীৰ সন্ত্ৰাস। কাঠ পৰিবাহী এখন গাড়ীৰ পৰা এই গোবিন চৰকাৰ বাহিনীয়ে সংগ্ৰহ কৰিছে ১লাখকৈ টকা। উজনি অসমৰ এগৰাকী কাঠ ব্যৱসায়ীৰ ধৰ্মেন্দ গগৈৰ এটা ফেচবুক পোষ্টে মুকলি কৰিছে এই ভয়ংকৰ তথ্য।

কাঠ ব্যৱসায়ী গৰাকীয়ে সামাজিক মাধ্যম ফেচবুক যোগে উত্থাপন কৰা অভিযোগটোৰ কিয়দাংশ আছিল এনে ধৰণৰ -

" প্ৰায় এমাহৰ ওপৰ হ'ল। চৰকাৰ তথা প্ৰশাসনৰ গা নলৰিল। বৰ্তমানে প্ৰতিখন ট্ৰাকৰ পৰা তিনিচুকীয়াৰ পৰা বাগৰিলৈ ৩০০০০ টকা আৰু বাগৰিৰ পৰা নলবাৰীলৈ ৭০০০০ টকাকৈ এটা গুণ্ডা বাহিনীয়ে গুণ্ডা কৰ সংগ্ৰহ কৰি আছে। যদি প্ৰশাসন তথা চৰকাৰৰ বিশ্বাস হোৱা নাই তেনেহলে আপোনালোকে এজন প্ৰশাসনৰ মানুহ মোৰ লগত অনুসন্ধান কৰিবলৈ দিব পাৰে। প্ৰমাণ মই হাতে হাতে দি দিবলৈ প্ৰস্তুত আছো"।

উল্লেখযোগ্য ধৰ্মেন্দ্ৰ গগৈৰ এই অভিযোগ নতুন নহয়। বিগত ২৭ অক্টোবৰতে ব্যবসায়ী গৰাকীয়ে দিছিল ৰাজ্যত আৰম্ভ হ'ব লগীয়া কাঠ চিণ্ডিকেটৰ খবৰ। ফেচবুকত তেওঁ লিখিছিল " আজি কিছুদিনৰ পৰা মাননীয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰীযুত ভাৱেশ কলিতা দেৱৰ নাম লৈ গোবিন চৰকাৰ আৰু জিতু দাস নামৰ দুজন ব্যক্তিয়ে আমাৰ কাঠৰ ব্যৱসায়টোৰ ওপৰত ছিণ্ডিকেট গঢ়ি তুলিব বিচাৰিছে আৰু বিগত বহুসময়ত তেওঁলোকে নগাঁও জিলাৰ বাগৰিত কাঠ কঢ়িওৱা গাড়ী সমূহ ৰখাই ছিণ্ডিকেটৰ বিষয়ে বিভিন্নজন ব্যৱসায়ীক জনাই দিছে যে, পৰৱৰ্তী সময়ত ছিণ্ডিকেটৰ ধন পৰিশোধ নকৰিলে কাঠৰ গাড়ী সমূহ ৰাষ্ট্ৰীয় ঘাই পথেদি যাবলৈ দিয়া নহ'ব।

ধৰ্মেন্দ্ৰ গগৈৰ এই ফেচবুক পোষ্টৰ পাছত একাংশ কাঠ ব্যবসায়ীয়ে ডিজিপিক প্ৰদান কৰিছিল এখন স্মাৰক পত্ৰ। য'ত উল্লেখ কৰা হৈছিল যে কাজিৰঙাৰ বাগৰিত চেক গেট পাতি গোবিন চৰকাৰ বাহিনীয়ে চলাই আছে কাঠৰ চিণ্ডিকেট। চিণ্ডিকেট ধন নিদিলেই আৰক্ষীৰ হতুৱাই ব্যবসায়ীক হাৰাশাস্তি কৰে গোবিন চৰকাৰ বাহিনীয়ে।

বিগত ১ নবেম্বৰৰ পৰাই গোবিন চৰকাৰ আৰু জিতু দাসে চলাই আছে কাঠৰ চিণ্ডিকেট। চিণ্ডকেট বাহিনীৰ টাৰ্গেট অৰুণাচলৰ পৰা অসমলৈ অহা কাঠৰ ট্ৰাক। চিণ্ডিকেটৰ নিৰিখ এখন ট্ৰাকৰ বিপৰিতে ১ লাখ টকা ।

এইদৰেই কাজিৰঙাত ৰাজ্যিক বিজেপিৰ নাম লৈ চলি থকা চিণ্ডিকেটত দিনে সংগ্ৰহ হৈ আছে ১ কোটিতকৈও অধিক টকা।

কিন্তু অভিযোগ পোৱাৰ পিছতো চিণ্ডিকেটৰ বিৰুদ্ধে ৰহস্যজনক ভাৱে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই অসম আৰক্ষীয়ে। আৰক্ষীৰ এনে নিৰ্লিপ্ত ভূমিকাই স্বাভাৱিকতেই অনেক প্ৰশ্ন- দিছপুৰৰ পৰাই চলিছে নেকি কাঠৰ চিণ্ডিকেট ? চিণ্ডিকেটক প্ৰশ্ৰয় দিছে নেকি শাসকীয় দলে ? গোবিন চৰকাৰক কিয় ঢুকি নাপায় অসম আৰক্ষীয়ে ?

আৰু পঢ়ক : বজালী আৰক্ষীৰ বৃহৎ সফলতা ! উৎখাত গভাইত চোৰৰ নেটৱৰ্ক...

assam bjp bokakhat