তিনিচুকীয়াৰ উচ্ছেদ অভিযান; সন্তুষ্ট নহয় মন্ত্ৰী সঞ্জয় কিষাণ…

তিনিচুকীয়াৰ উচ্ছেদ অভিযান; সন্তুষ্ট নহয় মন্ত্ৰী সঞ্জয় কিষাণ…

author-image
asomiyapratidin
New Update
তিনিচুকীয়াৰ উচ্ছেদ অভিযান; সন্তুষ্ট নহয় মন্ত্ৰী সঞ্জয় কিষাণ…

ডিজিটেল সংবাদ, তিনিচুকীয়া:- অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি বেদখল কৰি অবৈধ নিৰ্মাণৰ দোহাই দি তিনিচুকীয়া জিলা প্ৰশাসনে 'দি অপু'জ' নামৰ বিলাসী ৰেষ্টুৰেন্টখনৰ লগতে আন ১৩ খন ব্যৱসায়ীক প্ৰতিষ্ঠান সমুলঞ্চে উচ্ছেদ কৰিছে। এই ঘটনাৰ পৰা আৰম্ভ কৰি অভিজাত হোটেল 'দি মিৰানা'ত অবৈধ সুৰা উদ্ধাৰ হোৱা তথা হোটেলখন ছীল নকৰা প্ৰসংগ আৰু পৰ্যায়ক্ৰমে এ টি ৰ'ড, জি এন বি ৰ'ডৰ কাষত অবৈধভাৱে ব্যৱসায় চলাই অহাসকলৰ বিপৰীতে চলোৱা উচ্ছেদ অভিযানৰ সমুদায় ঘটনাক্ৰমক লৈ তিনিচুকীয়া জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ মাজত এক বিশাল ব্যৱধান আহি পৰিছে ।

তিনিচুকীয়া চহৰত অবৈধভাৱে নিৰ্মিত অট্টালিকা

তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনে জিলা প্ৰশাসনৰ এই উদ্যোগক আদৰণি জনাই চহৰখনৰ আন আন অবৈধ নিৰ্মাণৰ বিপৰীতেও উচ্ছেদ অভিযান চলাবলৈ আহ্বান জনাইছে যদিও মন্ত্ৰী সঞ্জয় কিষাণ প্ৰশাসনৰ এই উচ্ছেদ অভিযানক লৈ মুঠেই সন্তুষ্ট নহয় । দুৰ্ভাগ্যজনকভাৱে মন্ত্ৰীজনাই ৰাজহুৱা সভাত ৰখা বক্তব্যই এই কথা স্পষ্ট ৰূপত প্ৰকট কৰিছে ।

অলপতে এক সভাত জিলা প্ৰশাসনে তেওঁৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈয়ে উচ্ছেদ অভিযান চলোৱা বুলি কিষাণে উল্লেখ কৰাৰ লগতে এই অভিযান বন্ধ কৰিবলৈ জিলা উপায়ুক্ত নৰসিং পৱাৰক একপ্ৰকাৰে মুকলি ভাৱেই ভাবুকি প্ৰদান কৰিছিল । ইয়াৰ পিছতো কিন্তু উচ্ছেদ অভিযান চলা পৰিলক্ষিত হয় । পিছে জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান বেছিপৰ নিটিকিব বুলি চহৰখনত চৰ্চিত হৈছে ।

ইতিমধ্যেই মন্ত্ৰী কিষাণে অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰাৰ সমান্তৰালভাৱে বিজেপি দলৰ আজ্ঞাবাহী দুটামান অখ্যাত সংগঠনে উৰ্ধতম মহলক অভিযোগ দাখিল কৰাৰ কথা পোহৰলৈ আহিছে । তেনেস্থলত ৰাজনৈতিক হস্তক্ষেপত তিনিচুকীয়া চহৰৰ বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযান স্তব্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে । বহিৰাগত বণিয়াৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগতে বিজেপি সমৰ্থকৰ সান্দহ খোৱা বাতি তল যোৱাৰ আশংকাতেই উচ্ছেদ অভিযানে ইমানতে যৱনিকা পৰিব বুলি চহৰখনত আলোচিত হৈছে ।

কিয়নো জিলা প্ৰশাসনৰ লগতে তিনিচুকীয়া পৌৰসভা কৰ্তৃপক্ষলৈ ৰাজধানী দিশপুৰৰ পৰা আহিবলৈ ধৰিছে ইটোৰ পাছত সিটো ফোন ৷ আহিল উচ্ছেদ অভিযান বন্ধৰ মৌখিক নিৰ্দেশ ৷ কাৰ্যত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ বাধা আৰু ওপৰৰ হেঁচাত উপায়ন্তৰ হৈ উচ্ছেদ স্তিমিত কৰিবলৈ বাধ্য হ'ল তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভা ৷ উল্লেখ্য যে সমগ্ৰ তিনিচুকীয়া চহৰ এফালৰ পৰা অবৈধ নিৰ্মাণ আৰু বেদখলে গ্ৰাস কৰি অহাৰ পাছতো জিলা প্ৰশাসন কিম্বা তিনিচুকীয়া পৌৰসভাই চকু মুদা কুলিৰ ভাও ধৰি আহিছিল ।

এনেবোৰ অবৈধ নিৰ্মাণত পৌৰসভাৰ প্ৰাক্তন সভাপতি-সম্পাদকসকলৰ লগতে কাৰ্যবাহী বিষয়া, কণিষ্ঠ অভিযন্তা, পৰিকল্পনা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে হাত উজান দিয়া বুলি অভিযোগ উত্থাপিত হৈছে । হোটেল মিৰানাৰ ক্ষেত্ৰত সেয়া সত্য প্ৰমাণিত হৈছে । যাৱতীয় নথি-পত্ৰ অৱিহনে মিৰানাই কিদৰে পৌৰসভাৰ ট্ৰেড লাইচেন্স লাভ কৰিলে সেয়া বহলাই ব্যাখ্যা কৰাৰ নিস্প্ৰয়োজন । অবৈধ নিৰ্মাণক বৈধতা প্ৰদান কৰাৰ নামত নামে-বেনামে অবৈধ সম্প্ৰতিৰ গঢ়া এনেবোৰ বিষয়া-কৰ্মচাৰী, নিৰ্বাচিত জন-প্ৰতিনিধিৰ বিৰুদ্ধে উচিত তদন্তৰ প্ৰয়োজনীয়তা বিভিন্ন পক্ষই দাবী কৰিছে ।

ইফালে দি অপু'জ নামৰ ৰেষ্টুৰেন্টখনত অভিযান চলাবলৈ গৈ অভিযানৰ পূৰ্বে দুগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াই সুৰাপান কৰা বিষয়টোক লৈও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জিলা উপায়ুক্তক সেই বিষয়ত উচিত তদন্ত কৰিবলৈ মন্ত্ৰী কিষাণে দাবী জনাইছে ।

উচ্ছেদ অভিযানৰ প্ৰসংগ টানি মন্ত্ৰী কিষাণে আনকি উচ্ছেদিত লোকসকলে তেওঁক নিৰ্বাচনত সহায় কৰা বুলিও স্পষ্টভাৱে কৈছিল । তেনেস্থলত বিজেপি সমৰ্থকৰ ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদিত হ'বলগা হোৱা বিষয়টো কিদৰে সহজভাৱে ল'ব স্থানীয় বিধায়কগৰাকীয়ে ৷ আনফালে এচাম হিন্দুত্ববাদী সংগঠনেও পৌৰসভাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি পদপথ আৰু ঘাইপথ বেদখল কৰি ব্যৱসায় কৰি থকা সকলক ৰক্ষণাবেক্ষণৰ অপচেষ্টা চলাইছে । মুঠৰ ওপৰত তিনিচুকীয়া চহৰত উচ্ছেদ অভিযান বন্ধ হোৱাটোকে মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে বহিৰাগত লবীটোৱে মনে-প্ৰাণে কামনা কৰিছে ।

কিন্তু ইয়াৰ বিপৰীতে চহৰখনৰ প্ৰতিটো অবৈধ নিৰ্মাণ আৰু বেদখল উচ্ছেদ হ'ব লাগিবই বুলি তিনিচুকীয়াৰ প্ৰতিটো জাতীয় তথা জনগোষ্ঠীয় দল-সংগঠনে স্পষ্ট কৰি দিছে । অন্যথাই হাত সাৱটি বহি নাথাকে বুলিও হুংকাৰ দিছে ৷ এনে প্ৰেক্ষাপটত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ'ব ।

আৰু পঢ়ক: নিৰুদ্দেশ সাংসদ প্ৰদ্যুৎ বৰদলৈ! মৰিগাঁৱৰ বিভিন্ন ঠাইত পোষ্টাৰ…

assam tinsukia sanjay kishan