ডিজিটেল সংবাদ, তিনিচুকীয়া :- তিনিচুকীয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষ্যে বানপানী সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে 'সাৱধানতাৰ মৰণ নাই' শীৰ্ষক এখনি বাটৰ নাট মুকলি কৰা হয় ।
নাটখনিৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত নৰসিং পৱাৰে। উল্লেখ্য যে তিনিচুকীয়া ৰাজহচক্ৰৰ বানপীড়িত অঞ্চলসমূহত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে বাটৰ নাটখনি প্ৰদৰ্শন কৰা হ'ব । নাটখনৰ নাট্যকাৰ অমূল্য খাটনিয়াৰ আৰু ৰমেশ তালুকদাৰ, পৰিচালনা হেমন্ত ৰাজকোঁৱৰৰ আৰু ব্যৱস্থাপনা শ্যাম সুন্দৰ খাউণ্ডৰ ।
নাটখন তিনিচুকীয়াৰ সূৰ্য্যমূখী নাট্যগোষ্ঠীৰ কলা-কুশলীসকলৰ দ্বাৰা পৰিৱেশিত হ'ব । বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, সুশান্ত দত্ত, মনজিৎ বৰকাকতি আৰু চৰফ্ৰাজ হক, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, জিলাৰ কেউটা ৰাজহচক্ৰৰ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত তথা জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।
জিলা উপায়ুক্ত নৰসিং পৱাৰে বানপানীৰ সময়ছোৱাত জনসাধাৰণৰ জীৱনৰ সুৰক্ষাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সময়ে সময়ে বহু সজাগতামূলক কাৰ্য্যসূচী হাতত লোৱা বুলি উল্লেখ কৰি বানপীড়িত অঞ্চলসমূহত বাটৰ নাটখনিয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি কয় ।