ডিজিটেল সংবাদ, তিনিচুকীয়া : অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত যোৱা ২৪ জুনত বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মটক জনগোষ্ঠীৰ বিশিষ্ট লেখক, বুৰঞ্জীবিদ তথা চিন্তাবিদ তৰুণ গগৈক 'বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা'ৰে সন্মানিত কৰা হয় । এই বঁটাত প্ৰশস্তিপত্ৰ, শৰাই, চেলেং, স্মাৰক আদি সন্নিবিষ্ট আছে।
মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সত্য গোঁহাইয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই আদৰণি ভাষণত কয়, "ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিচক্ষণ সেনাপতি মতাটুকুৰা বৰুৱা এগৰাকী মহান বিপ্লৱী নেতা, সাহসী যোদ্ধা, সু-নিপুণ শিল্পী আৰু ধৰ্মপৰায়ণ ব্যক্তি আছিল। কালৰ কুটিল গ্ৰাসত এই মহান বিপ্লৱী নেতাগৰাকীৰ মূল্যায়ণ তেনেই সীমিত। সেয়ে বীৰপুৰুষগৰাকীক সন্মান জনাই তেখেতৰ কৰ্মৰাজিক বিশ্ব দৰবাৰত চিনাকী কৰাই দিয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰে মটক যুৱ-ছাত্ৰ পৰিষদে 'বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা' প্ৰৱৰ্তন কৰিছিল। এই মহান বীৰজনাৰ পবিত্ৰ স্মৃতিত এইবাৰ অসমী আইৰ সুযোগ্য সন্তান তথা ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ বিশিষ্ট বুৰঞ্জীবিদ তৰুণ গগৈক 'বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা'ৰে সন্মানিত কৰা হয়।"
অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোঁহাই, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহাই, তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, উপ-সভাপতি নিযুত বৰা আৰু বিজু বৰুৱা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোঁহাই, মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, উপাধ্যক্ষ দেৱঋষি চেতিয়া, আটাছুৰ সভাপতি মিলন বুঢ়াগোঁহাই, টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়া, বীৰ লাচিত সেনাৰ সভাপতি হেমন্ত বৰা, সচিব ৰণ্টু পানীফুকন, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব দীপক কুমাৰ বৰুৱা, বিশিষ্ট সাংস্কৃতিক কৰ্মী শৈলেন কুমাৰ বৰুৱা, বিশিষ্ট কবি অমৃত ৰাজখোৱা আদি।
Also Read: তিনিচুকীয়াৰ লটাৰী কাণ্ড: সাংবাদিক গ্ৰেপ্তাৰৰ বিপৰীতে পলাটক বিজেপি নেতা...