ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোং নাট্যমন্দিৰত মহিলাৰ দ্বাৰা ভাওনা পৰিৱেশন ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শনিবাৰে মৰঙি মৌজাৰ ভিন্ন অঞ্চলৰ মহিলাসকলৰ অগ্ৰণী সাংস্কৃতিক দল "মুৰাৰী নাট্য গোষ্ঠী"ৰ উদ্যোগত দিনৰ ভাগত নাম প্ৰসঙ্গ আৰু নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হয়৷
মুৰাৰী নাট্য গোষ্ঠীৰ দ্বাৰা অভিনয় কৰা "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" নাটভাগ পৰিচালনা কৰে সত্যজিত শৰ্মা আৰু প্ৰিয়াংকু দত্তই৷ ভাওনা ভাগৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে৷
গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি মহিলা সকলৰদ্বাৰা পৰিৱেশিত ভাওনা সংস্কৃতিয়ে সমাজত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশৰ সুচনা কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷ মহিলাসকলৰ সাৱলীল অভিনয়ে দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰাৰ লগতে সকলোৰে প্ৰশংসা লাভ কৰে ৷
Also Read: শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবচাইট মুকলি