তিনিচুকীয়াত চি বি আইৰ দল: ছহিদ গংগাৰাম ক'লৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ

তিনিচুকীয়াত চি বি আইৰ দল: ছহিদ গংগাৰাম ক'লৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চি বি আইৰ দল: ছহিদ গংগাৰাম ক'লৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ

ডিজিটেল সংবাদ, তিনিচুকীয়া : যোৱা ১৭ জুলাইৰ পৰা তিনিচুকীয়াত বাহৰ পাতি আছে চি বি আইৰ দুজন বিষয়া । বহুচৰ্চিত এক হত্যাকাণ্ডৰ তদন্তৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে চি বি আইৰ এই দুজনীয়া দলটো ৷

স্মৰ্তব্য যে, বিগত ২০১৩ বৰ্ষৰ ২৫ মাৰ্চত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত নিশা ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰিছিল পানীতোলাৰ চাহ শ্ৰমিক তথা চিপিআই (এম এল)ৰ নেতা গংগাৰাম ক’লক । নেতাগৰাকীৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক ৰূপত প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল ৷

প্ৰতিবাদী দল-সংগঠনৰ লগতে পৰিয়ালে ক’লৰ হত্যাকাণ্ডৰ তদন্ত চি বি আইক ন্যস্ত কৰিবলৈ দাবী উত্থাপন কৰিছিল । পৰিয়ালৰ এজাহাৰ ভিত্তিত হত্যাকাণ্ডটোৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩০২/৩৪ ধাৰাত ১৯১/২০১৩ নম্বৰত তিনিচুকীয়া সদৰ থানাত ৰুজু হোৱা গোচৰৰ তদন্ত ন্যস্ত কৰা হৈছিল চি বি আইক ৷

পিছলৈ চি বি আইয়ে তদন্ত আৰম্ভ কৰিছিল যদিও হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল সেয়া পোহৰলৈ আনিব নোৱাৰাত সিমানতে গোচৰটোৰ তদন্ত বন্ধ ৰখা হৈছিল। এনে প্ৰেক্ষাপটত অসন্তুষ্ট গংগাৰাম ক’লৰ পৰিয়ালে পুনৰ গোচৰটো তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে।

ইয়াৰ পিচতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চি বি আইক পুনৰ হত্যাকাণ্ডটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ন্যায়ালয়ৰ নিৰ্দেশ পাই গংগাৰাম ক’ল হত্যাৰ তদন্ত কৰিবলৈ তিনিচুকীয়াৰ পানীতোলাত উল্লেখিত দুই চিবিআইৰ বিষয়া উপস্থিত হয় ৷

কেচ ডায়েৰীত হত্যাকাণ্ডটোৰ সাক্ষী হিচাপে থকা লোকসকলৰ ঘৰে ঘৰে গৈ বিষয়াদুজনে সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে চাবুৱাৰ তদানীন্তন কংগ্ৰেছী বিধায়ক ৰাজু চাহুৰ লগতে আন বহুকেইজন কংগ্ৰেছী হত্যাকাণ্ডটোত জড়িত থকা বুলি ক'লৰ পৰিয়ালে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছিল ।

ক’লৰ পত্নীয়ে তেওঁৰ স্বামীক এইসকলে পৰিকল্পিতভাৱে হত্যা কৰা বুলি উল্লেখ কৰিছিল। বিগত ১০টা বছৰে গংগাৰাম ক’ল হত্যাৰ ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পৰিয়ালটো আশা পালি আছে যদিও এইবাৰ চিবিআইৰ তদন্তই কোন দিশে গতি কৰে সেই কথা সময়ে ক'ব।

Also Read: মুছলপুৰত হাল উঠা পৰ্ব : লগে-ভাগে এসাঁজ খালে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে

cbi