ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ লিডু-কাম্বা গাওঁ সংযোগী দলং নিৰ্মাণৰ দাবীৰে লিডু বাৰ্মা কেম্পত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মাকেম্পত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু কাম্বা গাঁওবাসীৰ ৰাইজৰ সহযোগত টিৰাপ কলিয়ৰী সমীপৰ ব্ৰহ্মাকেম্পত লিডু -কাম্বা গাঁও সংযোগী পকী দলং নিৰ্মাণৰ দাবী জনায়।
উল্লেখ্য যে, গাওঁখনৰ সৈতে যোগাযোগৰ এনে দুৰৱস্থাৰ বাবেই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী ২০১৫ চনত ধৰ্ষণৰ বলি হৈ কৰুণ ভাৱে মৃত্যুক আকোৱালী লব লগা হৈছিল। সেই মেধাৱী ছাত্ৰী গৰাকীৰ সোঁৱৰণতে টিৰাপ নৈৰ ওপৰত লিডু-কাম্বা গাওঁ সংযোগী এখন পকী দলঙৰ নিৰ্মাণৰ দাবী উত্থাপন হৈ আহিছে ।
বুধবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্ত আৰু সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ উপস্থিতিত মানৱ শৃংখল কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ৰ বিষয়াৰ জড়িয়তে দলং নিৰ্মাণ দাবীত এখন স্মাৰক পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতিলৈ প্ৰেৰণ কৰে।
বুধবাৰৰ প্ৰতিবাদত কাম্ব গাওঁবাসীৰ লগতে পচাবিল গাঁও, হাৱাই পথাৰ গাঁওবাসী ৰাইজে প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে আকাশ বতাহ কপাই তুলে।
Also Read: কৰ দি মৰ !