চৌদিশে পানী; নাৱৰ ওপৰতেই পাতিলে আদ্যশ্ৰাদ্ধ...

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কবলত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

author-image
Asomiya Pratidin
New Update
চৌদিশে পানী; নাৱৰ ওপৰতেই পাতিলে আদ্যশ্ৰাদ্ধ...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কবলত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। বিধ্বংসী বানৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলত এতিয়া হাহকাৰ পৰিস্থিতিয়ে দেখা দিছে। সাগৰসৰ্দৃশ পৰিৱেশৰ মাজত উদ্যানখনৰ দাঁতিকাষৰীয়া দধিয়াত মাটিৰ অভাৱত পানীৰ ওপৰতে মৃতকৰ আদ্যশ্ৰাদ্ধ পতাৰ কৰুণ ছবিও সুলভ হৈ পৰিছে।

বান পৰিস্থিতিৰ বাবে দধিয়াবাসীয়ে মৃতকৰ সকাম কৰিবলৈও এতিয়া হাজাৰ বাৰ ভাবিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। অকণমান মাটিৰ অভাৱত দধিয়াৰ টংকৰঙ গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালে আত্মীয় কুটুম্ব তথা গাঁওখনৰ বানবিধস্ত ৰাইজক লৈ মিচিং সমাজৰ ৰীতিনীতি অনুসৰি নাৱৰ ভিতৰতে আদ্যশ্ৰাদ্ধ কৰিবলৈ বাধ্য হোৱা দৃশ্যত দুখ প্ৰকাশ কৰাৰ বাদে যেন অন্য উপায় নোহোৱা হৈছে। বিপদসংকুলভাবে আয়োজন কৰা মৃতকৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ চকুলো টুকিবলগীয়া হয় স্থানীয় ৰাইজে।

আনহাতে উদ্যানখনৰ গাতে লাগি থকা দধিয়া অঞ্চলত অব্যাহত থকা বানৰ তাণ্ডৱৰ বাবে ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক উচিত ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত সহায় নকৰাত বিপাঙত পৰিছে অঞ্চলবাসী। যাৰ বাবে এমাহৰ ভিতৰত চৰকাৰে কোনোধৰণৰ সহায় নকৰিলে চাবুৱাত পৰিতক্ত চৰকাৰী মাটি উক্ত অঞ্চলৰ ৰাইজে দখল কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

Also Read: গহপুৰত সুধাকণ্ঠ মইনা পাৰিজাতৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা...

flood assam flood