ডিজিটেল সংবাদ, তিনিচুকীয়াঃ কাৰ ভুলৰ পৰিণতিত বৰডিৰাকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে খাটিখোৱা ৭ নিৰীহে ? মঙলবাৰে নিশা কাকপথাৰ অঞ্চলৰ বৰডিৰাকৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত লোমহৰ্ষক পথ দুৰ্ঘটনাই এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।
প্ৰণিধানযোগ্য যে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাকে মুখ্য কৰি বুঢ়ীদিহিং মৌজা, মাকুম, বৃহত্তৰ কাকপথাৰ অঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই আৰু চাংলাং জিলাৰ এচাম খাটিখোৱা লোকে জিলাখনৰ সদৰ চহৰ তিনিচুকীয়াৰ দেওবৰীয়া সাপ্তাহিক বজাৰ, তালাপ আৰু কাকপথাৰৰ দেওবৰীয়া সাপ্তাহিক বজাৰ, ডুমডুমাৰ মংগলবৰীয়া সাপ্তাহিক বজাৰ আদিত ঘৰৰ বাৰীৰ লগতে গাঁৱত উৎপাদিত শাক-পাচলি, হাঁহ-কুকুৰা আদি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে । এইক্ষেত্ৰত মহিলা বেপাৰীৰ সংখ্যা গৰিষ্ঠ হিচাপে চিহ্নিত হৈছে ।
মেজিক, চোটা হাতী, মেক্স পিক আপ, বলেৰ' পিক আপ আদি বিভিন্ন মালবাহী বাহনত এখেতসকলে কাহিলি পুৱাতে উঠি বস্তু-বাহিনী নিৰ্দিষ্ট বাহনত বোজাই কৰি দিনটোৰ বাবে বজাৰলৈ ৰাওনা হয় । ৰ'দ-বৰষুণকো আওকান কৰি দিনৰ-দিনতো বজাৰত সামগ্ৰী বিক্ৰী কৰি নিশা নিৰ্দিষ্ট বাহনত টালি-টোপোলা বোজাই কৰি পুনৰ ঘৰলৈ ৰাওনা হয় ।
বজাৰ কৰি পোৱা ধনেৰে পৰিয়ালৰ ভৰণ-পোষণৰ লগতে সন্তানৰ শিক্ষা-দীক্ষা তথা আনুসংগিক খা-খৰচৰ জোৰা মাৰিবলৈ এইদৰে প্ৰতি সপ্তাহত এইসকলে বজাৰলৈ ঢাপলি মেলে । এয়া জিলাখনৰ প্ৰতিজন লোকৰ বাবে এক চিৰাচৰিত দৃশ্য । পিচে এইদৰে বজাৰ কৰা অৰ্থাৎ এনে মালবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱা কালিৰ ঘটনাটোৱেই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেই জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্যখনত তদ্ৰুপ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ভালেকেইটা উদাহৰণ আছে আৰু সেই দুৰ্ঘটনাসমূহত বহুলোকে অকালতে প্ৰাণ হেৰুৱাৰ নজিৰ আছে ।
এতিয়া কথা হ'ল এখন মালবাহী মেজিক(ছোটা হাতী)ৰ বহন ক্ষমতা কিমান ? কিয়নো বজাৰ কৰিবলৈ অহা এনেবোৰ বাহনত কুইন্টল কুইন্টল সা-সামগ্ৰীৰ লগতে পান জপাদি মানুহ কঢ়িওৱা হয় । কালি দুৰ্ঘটনা সংঘটিত হোৱা যাত্ৰীবাহী মেজিকখনত বজাৰ কৰি ৰাহি হৈ থকা বয়-বস্তুৰ লগতে চালকসহ মুঠ ১৯ গৰাকী আৰোহী আছিল । যাৰবাবে দুৰ্ঘটনাটোত ৭ জনকৈ লোকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে আন ১২ গৰাকী আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
লক্ষণীয় কথাটো হ'ল এনেদৰে বজাৰ কৰিবলৈ অহা বাহনসমূহ বয়-বস্তুৰ লগতে আৰোহীয়ে ঠাহ খাই অহা কথাটো জিলাখনৰ প্ৰতিখন আৰক্ষী থানাই ভালদৰে জানে বা প্ৰত্যক্ষ কৰিছে যদিও কোনেও সেইসকলক সতৰ্কবাণী শুনোৱাৰ নজিৰ নাই । যাৰ বাবে কালি বৰডিৰাকৰ পথ দুৰ্ঘটনাটোত ইমানসংখ্যক ক্ষয়-ক্ষতি হ'বলৈ পালে বুলি সচেতন ৰাইজৰ মাজত চৰ্চিত হৈছে ।
ইফালে কালিৰ এই ভয়ংকৰ পথ দুৰ্ঘটনা সন্দৰ্ভত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি কাৰ্যবাহী দণ্ডাধীশ ৰণনময় ভৰদ্বাজক তদন্তৰ দায়িত্ব ন্যস্ত কৰিছে ।
উল্লেখ্য যে কালি নিশা প্ৰায় ১০-৩০ বজাত কাকপথাৰ অঞ্চলৰ বৰডিৰাকৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক অভিশপ্ত কেঁকুৰিত ডুমডুমাৰ মংগলবৰীয়া সাপ্তাহিক বজাৰ সামৰি বয়-বস্তুৰ লগতে চালকসহ এটি ১৯ জনীয়া খাটিখোৱা বেপাৰীৰ দলে এ আৰ ২০ এ ১০৯৩ নম্বৰ মালবাহী মেজিক বাহনখনেৰে নিজ নিজ ঘৰ অভিমুখে (ৱাথৈ গাঁৱলৈ বুলি) গৈ আছিল। তেনে সময়তে অভিশপ্ত কেঁকুৰিটোত বিপৰীত দিশৰ পৰা অৰ্থাৎ নামচাইৰ পৰা তিনিচুকীয়ালৈ বুলি আহি থকা এ এচ ২৩ চি চি ৮৯৩০ নম্বৰ ট্ৰাকখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।
এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে মেজিকখনৰ সমূহ আৰোহী পথৰ ওপৰত চিটিকি পৰে । থিতাতে নিহত হয় মেজিকখনৰ চালক বৰডুমচা থানাৰ অন্তৰ্গত ডুমচী হাতীগড়ৰ পবেন মৰাণ(৫০), ২ নং বেতনী গাঁৱৰ মিহিধৰ নেওগ(৪৯), নামহোলোং ব্লক গাঁৱৰ কমল সোণোৱাল(৫৫), তিনিআলি নগাঁৱৰ যাদৱ টাইৰাই(৫৪), সোণজান গাঁৱৰ বিনিতা(বিলি) বৰুৱা(৫২), বেতনী গাঁৱৰ ৰীণা গগৈ(৪২), আৰু সোণজান শিমলুগুৰি গাঁৱৰ পল্লৱী দহোতীয়া ৰাভা(৩১) ।
অন্যহাতে দুৰ্ঘটনাটোত আহত হয় বেতনী গাঁৱৰ অতুল গগৈ(৪৫), লিটং হাতীগড়ৰ মাকন গগৈ, ৱাথৈ গাঁৱৰ বুৰণজিৎ মৰাণ(৩৫), জোনালী মৰাণ(৩৫), পিংকী মৰাণ(৩৫), বিকাশ নেওগ(৯), গোলেশ্বৰ মৰাণ(৫৫), মনো মৰাণ(৩৫), যশোদা মৰাণ(৫০), অবলতা মৰাণ(৩৫) আৰু লক্ষীমণি মৰাণ(৩০) ।
ইয়াৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুৰণজিৎ মৰাণ, জোনালী মৰাণ, বিকাশ নেওগ, অবলতা মৰাণ, পিংকী মৰাণ, মাকন গগৈ সহিতে মুঠ ৮ জনক সংকতজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু অন্যান্যসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অন্যহাতে ট্ৰাকখনৰ চালক তিনিচুকীয়াৰ ৰামচন্দ্ৰ ৰায়(৫৫) সহিতে ট্ৰাকখন আৰক্ষীয়ে জিম্মাত লৈছে ।
প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰা মতে ট্ৰাকখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল । উল্লেখ্য যে হতাহতসকল জিলাখনৰ অতিকে পিচপৰা তথা দুৰ্গম বুঢ়ীদিহিং মৌজাৰ । চৰকাৰে উন্নয়নৰ জয়গান গোৱাৰ বিপৰীতে মৌজাটোৰ গৰিষ্ঠসংখ্যক পৰিয়ালে এইদৰে বজাৰ-সমাৰ কৰি তথা খেতি-খোলা কৰি কোনোমতে পেটে-ভাতে খাই আছে । স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও বৰডিৰাকৰ উক্ত অভিশপ্ত কেঁকুৰিটোত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু কেইবাজনো লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ উদাহৰণ আছে ।
পিছে সংশ্লিষ্ট বিভাগে উক্ত স্থানত কোনোধৰণৰ দুৰ্ঘটনা প্ৰতিৰোধক ব্যৱস্থা কৰা দেখিবলৈ পোৱা নায়ায় । যাৰবাবে উক্ত স্থানত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । ইফালে কালি ১০৮ এম্বুলেঞ্চ সেৱাৰ বাবে হাবাথুৰি খাবলগা হয় আৰক্ষীৰ লগতে স্থানীয় ৰাইজে ।
ৰাজ্যৰ স্বাস্থ্য বিভাগে দোপতদোপে উন্নতিৰ জখলাত বগোৱা বুলি ফিতাহি মাৰিলেও কাৰ্যত কালি দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ গাতে লাগি থকা বৰডিৰাক ক্ষুদ্ৰ স্বাস্থকেন্দ্ৰৰ ১০৮ এম্বুলেঞ্চখন বিগত এটা বছৰ ধৰি বিকল হৈ আছে । সেইদৰে কাকপথাৰ স্বাস্থ্য কেন্দ্ৰৰ এম্বুলেঞ্চখনৰো সেৱা কালি লাভ নকৰিলে ৰাইজে । যাৰবাবে বহু পলমকৈ হতাহতসকলক চিকিৎসালয় পোৱাবলগা হয় ।
মৃতদেহ লৈ ডিৰাক সোণজানত ৰাইজৰ পথ অৱৰোধ:
ইফালে কালি নিশা বৰডিৰাকত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ৭ গৰাকী লোকৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে আজি বিয়লি মৃতদেহসমূহ নিজ নিজ পৰিয়ালক চমজাই দিবলৈ যাওঁতে ডিৰাক সোণজানত কেইবাশতাধিক ৰাইজে মৃতদেহকেইটা লৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰে ৷
প্ৰতিবাদী ৰাইজে পথসভা অনুষ্ঠিত কৰি তথা এক সাতদফীয়া দাবী প্ৰস্তুত কৰি মৃতকৰ আত্মীয়ই এককালীন ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, আহতসকলৰ সম্পূৰ্ণ চিকিৎসা ব্যয় চৰকাৰে বহন কৰা, কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নিশাৰ ভাগতো জৰুৰীকালীন সেৱা উন্নত কৰা, বৰডিৰাক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত পাঁচমাহে বিকল হৈ পৰি থকা ১০৮ এম্বুলেঞ্চ সেৱাৰ ঠাইত নতুন এম্বুলেঞ্চ সেৱা নিয়মীয়া কৰা, পথ সুৰক্ষাৰ নামত দিবলগা সংকেত চিহ্নসমূহ যথাস্থানত দিয়াৰ ব্যৱস্থা কৰা, অভিশপ্ত বৰডিৰাক কেঁকুৰিৰ সমীপৰ পথৰ সংৰক্ষিত ৭৫ ফুটৰ ভিতৰত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু আৱাসগৃহসমূহ উচ্ছেদৰ ব্যৱস্থা কৰাৰ দাবীত ডুমডুমা ৰাজহ চক্ৰ বিষয়া সুৰঞ্জিতা শৰ্মাৰ হাতত এক স্মাৰক-পত্ৰ প্ৰদান কৰে ।
শৰ্মাই ৰাইজৰ দাবীসমূহ উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণৰ আশ্বাস দিয়াত মৃতকৰ পৰিয়ালে মৃতদেহসমূহ চমজি লয় আৰু নিশালৈ শোকাকুল পৰিৱেশৰ মাজত সাতখন চিতাত সাতটা পৰিয়ালৰ সাতগৰাকী উপাৰ্জনকাৰীৰ মৃতদেহৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়।
Also Read: বৰষুণৰ পানী পৰি চিৰাঙৰ জেএচবি চিকিৎসালয়ৰ কোটি টকীয়া আইচিইউ কক্ষ বিনষ্ট