ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বনঃ দুই জোৱানক ৰিজাৰ্ভ ক্লজ...

ডিজিপি জিপি সিঙে টুইটাৰৰ জৰিয়তে দিলে কঠোৰ বাৰ্তা
ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বনঃ দুই জোৱানক ৰিজাৰ্ভ ক্লজ...
ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বনঃ দুই জোৱানক ৰিজাৰ্ভ ক্লজ...
Published on
Updated on

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ বুধবাৰে নিশা প্ৰায় ১১ বজাত মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ ৰাজপথত আৰক্ষীয়ে এগৰাকী ছাত্ৰক মাৰধৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মদৰ নিচাত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰে এগৰাকী বেংগালুৰুত এম বি এ'ত অধ্যয়নৰত ছাত্ৰ তথা জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভাই ছেত্ৰীৰ পুত্ৰ প্ৰদুম ছেত্ৰী(২০)ক।

ছাত্ৰ গৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীন গালি গালাজ কৰে আৰক্ষী বিষয়াসহ ২ জন আৰক্ষী জোৱানে। প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষী বিষয়াগৰাকীৰ নাম প্ৰাঞ্জল ফুকন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে লেখাপানী আৰক্ষী থানাৰ এছ আই'ৰ দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা সুৰামত্তা অৱস্থাত আৰক্ষীৰ পোচাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু তিনিগৰাকী আৰক্ষী জোৱানক লগত লৈ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩ মাইলত ৰাজপথৰ কাষত ৰৈ থকা ফ্ৰৰ্চুনাৰ বাহনৰ পৰা যুৱক গৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দ প্ৰয়োগৰে গালি গালাজ কৰাৰ লগতে প্ৰহাৰ কৰে।

এই ঘটনাৰ পাছতেই যুৱক প্ৰদুম ছেত্ৰীক প্ৰহাৰৰ ঘটনাত এছ আই' প্ৰাঞ্জল ফুকন আৰু প্ৰীতম নামৰ কামাণ্ডো জোৱানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি লেখাপানী আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালৰ লোকে নিশা ২ বজাত এজাহাৰ দাখিল কৰে।অন্যহাতে অসম প্ৰদেশ কংগ্ৰেছ সম্পাদক তথা যুৱ নেতা অবিনাশ গগৈয়ে আজি পুৱাৰ ভাগত অসম আৰক্ষীক সঞ্চালক প্ৰধান জি পি সিংক সামাজিক মাধ্যম টুটাৰত অভিযুক্ত আৰক্ষী বিষয়া তথা জোৱান কেইজন বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে এই ঘটনাটোক কেন্দ্ৰ কৰি আজি লেখাপানী থানাত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।

ছাত্ৰ মুক্তি, টাংচা, গোৰ্খা, আদিবাসী ছাত্ৰ সংগঠনৰ লগতে স্থানীয় ৰাইজে লেখাপানী থানা চৌহদত এক গোট হৈ জাগুন ৯ মাইলৰ ভুক্তভোগী প্ৰদুম ছেত্ৰীৰ(২৪) ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে এছ আই প্ৰাঞ্জল ফুকনৰ লগতে সহযোগী জোৱান কেইজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং অৱগত হোৱাৰ লগেলগে টুইটাৰ যোগে তাৎক্ষনিকভাৱে লেখাপানী থানাৰ এছ আইগৰাকীক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰা লগতে ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণাৰ নিৰ্দেশ জাৰি কৰে।

ইয়াৰ লগে লগে তিনিচুকীয়া আৰক্ষী অধীক্ষকে লেখাপানী থানাৰ এছ আই প্ৰাঞ্জল ফুকনক নিলম্বন কৰাৰ লগতে ২য় অসম বেটেলিয়নৰ দুজন জোৱানক ৰিৰ্জাভ ক্লজ কৰাৰ উপৰিও বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।

ছাত্ৰক প্ৰহাৰ কৰা লেখাপানী আৰক্ষী থানাৰ SIক নিলম্বনঃ দুই জোৱানক ৰিজাৰ্ভ ক্লজ...
বৰক্ষেত্ৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in