হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কিয় প্ৰতিবাদত নামিল দলীয় কৰ্মী...

জৰাজীৰ্ণ মাৰ্ঘেৰিটা চাংলাং পথৰ মেৰামতিৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কিয় প্ৰতিবাদত নামিল দলীয় কৰ্মী...

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটাৰ নামদাঙত পথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ। বিজেপি ৱাৰ্ড মেম্বাৰো ওলাই আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ। দীৰ্ঘদিনে অসম অৰুণাচল প্ৰদেশৰ চাংলাং জিলা সংযোগী পথৰ প্ৰকাণ্ড পুখুৰী সদৃশ গাঁ‌তে জলাকলা খুৱাইছে অঞ্চলবাসীক। ফলত পথছোৱা মেৰামতিৰ দাবীৰে বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে মহকুমাধিপতিক প্ৰতিবাদকাৰীসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা নগৰৰ চাংলাং চাৰিআলিৰ পৰা অসম অৰুণাচল প্ৰদেশ সংযোগী প্ৰায় সাত কিলোমিটাৰ পথ বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাৰ পিছতো আজি পৰ্যন্ত মেৰামতি নকৰাত যমৰ-যাতনা ভুগিছে অঞ্চলবাসীয়ে। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক অঞ্চলবাসীয়ে আবেদন নিবেদন কৰাৰ ফলত পথটো কিঞ্চিতমান মেৰামতি কৰি দিছিল যদিও বিগত দিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথছোৱাত পুনৰ প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁ‌তে বিপৰ্যয় মাতি আনিছে।

অতি পিছপৰা অঞ্চলটোৰ সৈতে একমাত্ৰ যোগাযোগৰ পথছোৱাৰ এনে অৱস্থাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ভয়ংকৰ বিপদ আহি পৰাৰ লগতে গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ সময়ত কেইবাবাৰো পথৰ মাজতেই প্ৰৱস হোৱাৰ কথা আশাকৰ্মীয়ে ব্যক্ত কৰিছে। সেয়ে শুকুৰবাৰে পুনৰ নামদাং অঞ্চলৰ বিজেপি কৰ্মীয়েই বিজেপি দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পথটো নিৰ্মাণৰ দাবী জনায়। উল্লেখ্য যে, অসমৰ সীমামূৰীয়া মহকুমা মাৰ্ঘেৰিটা আৰু অৰুণাচলৰ চাংলাং জিলাৰ সৈতে সংযোগী একমাত্ৰ পথছোৱাত হোৱা পথ অৱৰোধৰ সময়ত ব্যাপক যান-জঁটৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে।

Also Read: চিচি টিভিৰ নিৰীক্ষণত থাকিব ৰাজ্যৰ আৰক্ষী থানা...

GOVT OF ASSAM