মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ..

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ..
মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ..
Published on
Updated on

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ উচ্চ শিক্ষা অনুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সংস্থাৰ উদ্যোগত 'সম্পৰ্ক ২০২৩' শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। সেই অনুসৰি পুৱা অনুষ্ঠিত হয় পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী।

দিনৰ ভাগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা। সভাৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন। পৰিৱেশন কৰে সমবেত সংগীত। মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মানস প্ৰতিম গগৈ আৰু চিন্তু গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোৰ পৌৰহিত্য কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি সত্য ৰঞ্জন কাকতিয়ে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডা° প্ৰভাত শৰ্মা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতি। মুখ্য বক্তা হিচাপে উপস্থিত থকা ড° শুভদ্বীপ চক্ৰৱৰ্তী, কলেজ শিক্ষক সংস্থাৰ সভাপতি যোগেন বৰা, অধ্যাপিকা চিমা কুৰ্মীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

মুকলি সভা অনুষ্ঠানতে প্ৰাক্তন ছাত্ৰ মানস প্ৰতিম গগৈ আৰু চিন্তু গগৈক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ সংস্থাৰ সম্পাদক অঞ্জন বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতেই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংস্থাৰ অনুষ্ঠিত সভাত ২০২৩-২০২৮ বৰ্ষৰ বাবে সভাপতি মোলেন বৰুৱাক আৰু সম্পাদক হিচাপে মানস প্ৰতিম গগৈক নিৰ্বাচিত কৰা হয়। লগতে ১১ জনীয় এখন শক্তিশালী সমিতি নিৰ্বাচন কৰি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংস্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ..
IPL-2023: ধোনি থাকিল, আই পি এলক বিদায় দিলে CSK ৰ আন এজন ক্ৰিকেটাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in