মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৪৫ সংখ্যক বৰ্ষপূৰ্তিঃ ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য কেন্দ্ৰীয় মন্ত্ৰীৰ

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৪৫ সংখ্যক বৰ্ষপূৰ্তিঃ ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য কেন্দ্ৰীয় মন্ত্ৰীৰ
Published on
Updated on

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ উত্তৰ-পূৱ অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ে পহিলা ছেপ্টেম্বৰত প্ৰতিষ্ঠাৰ ৪৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সমাপ্ত কৰি ৪৬ বছৰত ভৰি দিয়ে। তদুপলক্ষে বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ এই বিশেষ দিনটো উদযাপন কৰা হয়। পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পন কাৰ্যসূচী সম্পাদন কৰে উপাধ্যক্ষ ড° গৌতম পুৰকায়স্থই।

মহাবিদ্যালয়খনিৰ ৪৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী সমাপন কৰে শৈক্ষিক সমন্বয়ক বিনোদ কুমাৰ আগৰৱালাই। দিনৰ ১০-৩০ বজাৰ পৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মূল কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ক'ল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক ড° ৰঞ্জিত দত্ত, মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ড° অঞ্জুমণি বৰুৱা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ প্ৰাক্তন সম্পাদক মানস প্ৰতিম গগৈ, বিশিষ্ট কবি ৰঞ্জিত দত্ত, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি প্ৰাৰ্থ প্ৰতিম গোস্বামী, জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ প্ৰমুখ্য অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সংগীত পৰিবেশন কৰাৰ পাছতে অধ্যক্ষ ড° অতনু কাকতিয়ে সকলোকে আদৰণি জনায়। এই অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ৪টা নৱনিৰ্মিত শ্ৰেণীকোঠা উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ভাষণ প্ৰসংগত তেখেতে সময় উপযোগী নতুন দক্ষতা আহৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়। মহাবিদ্যালয়ৰ দৰে অনুষ্ঠানৰ প্ৰতি সকলোৱে দায়বদ্ধতাৰে সহায় কৰিব লাগে বুলি উল্লেখ কৰি ক'ল ইণ্ডিয়াৰ দৰে অনুষ্ঠানক মহাবিদ্যালয়খনক আৰ্থিক সহায় কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীজনে মহাবিদ্যালয়ৰ উন্নয়ণৰ বাবে ১০ লাখ টকাৰ অনুদান ঘোষণা কৰে।

এই অনুষ্ঠানতে মাৰ্ঘেৰিটা অঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়োৱা স্থানীয় সাংবাদিক ৰাম প্ৰসাদ আম্বেদকাৰ, ৰাণাজ্যোতি নেওগ, পাৰ্থপ্ৰতিম গোস্বামী, মানস প্ৰতীম গগৈ, মনোজ দত্ত, তপন দে'ক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মহাবিদ্যালয়ৰ পৰা ২০২২-২৩ বৰ্ষৰ স্নাতক পৰীক্ষাত বিজ্ঞান শাখাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰিয়ংকা দেৱনাথ, বাণিজ্য শাখাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ৰোহিত দাস, কলা শাখাৰ বিন্দিয়া চাকমাক আৰু উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত স্নেহা দাস, বিজ্ঞান শাখাৰ লিটচান লুডুং আৰু বাণিজ্য শাখাৰ ছাত্ৰ সৰ্বানন্দ মাউতক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা আৰু অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো এই অনুষ্ঠানতে মানপত্ৰ প্ৰদান কৰে।

দিনৰ ১২-৩০ বজাৰ পৰা ৪৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা বক্তৃতানুষ্ঠানত "৪ৰ্থ স্তৰৰ ঔদ্যোগিক বিপ্লৱ আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি" সম্পৰ্কে বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক, বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা স্কুলৰ ডীন ড° শৰৎ চন্দ্ৰ কাকতিয়ে। ভাষণত তেখেতে নতুন শিক্ষানীতিৰ প্ৰেক্ষাপট, ভাৰতৰ শৈক্ষিক প্ৰয়োজনীয়তা আদি দিশত আলোকপাত কৰে। এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ মুখপত্ৰ "এষণা" ৰ ডিজিটেল সংস্কৰণ উন্মোচন কৰে প্ৰাধ্যাপক ড° শৰৎ চন্দ্ৰ কাকতিয়ে। প্ৰতিষ্ঠা দিৱসৰ কেউটা কাৰ্যসূচীৰ আঁতধৰে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° ৰমেন হাজৰিকাই।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৪৫ সংখ্যক বৰ্ষপূৰ্তিঃ ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য কেন্দ্ৰীয় মন্ত্ৰীৰ
ভট্টদেৱ বিশ্ববিদ্যালয়ত গাঞ্জা খাই ধৰা পৰিল ১০গৰাকী ছাত্র

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in