চোকা অস্ত্ৰৰে মোমায়েকে হত্যা কৰিলে ভাগিনীয়েকক

চোকা অস্ত্ৰৰে মোমায়েকে হত্যা কৰিলে ভাগিনীয়েকক
Published on
Updated on

ডিজিটেল সংবাদ,ফিল'বাৰী : তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰামতে, অঞ্চলটোৰ কৃষ্ণ বৰা নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰে। এগৰাকী প্ৰায় ৭বছৰীয়া ভাগিনিয়েকক ত্ৰিশূলেৰে হানি ধৃত বৰাই হত্যা কৰে।

ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই অভিযুক্ত কৃষ্ণ বৰাই পলায়ন কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উল্লেখ্য যে, স্থানীয় লোকে জনোৱা অনুসৰি ধৃত বৰাই মদ্যপান কৰি এই কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে। ইফালে অঞ্চলটোৰ চুকে-কোণে মদৰ সহজলভ্য হৈ উঠা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।

চোকা অস্ত্ৰৰে মোমায়েকে হত্যা কৰিলে ভাগিনীয়েকক
মথুৰাপুৰত চৰাইদেউ জিলা ভিত্তিক ঝুমইৰ সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in