ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত গছপুলি ৰোপণ...

পৰিৱেশ সুৰক্ষা সমিতি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত গছপুলি ৰোপণ...

author-image
Asomiya Pratidin
New Update
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত গছপুলি ৰোপণ...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ বিগত এটা দশতকৈ অধিক কাল অৱধাৰিত ৰূপত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপন, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী ৰূপায়ন কৰি অহা প্ৰকৃতিপ্ৰেমী সংগঠন পৰিৱেশ সুৰক্ষা সমিতি, অসমে দেওবাৰে তিনিচুকীয়াৰ শুকানপুখুৰী আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই ।

উক্ত কাৰ্যসূচীত অংশ লৈ বৰুৱাই ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহ সুন্দৰকৈ তথা ফল-ফুল, গছ-গছনিৰে জাতিষ্কাৰ কৰি ৰখাটো অভিভাৱকৰ কৰ্তব্য বুলি মন্তব্য কৰি কণ কণ শিশুক এক সুস্থ, প্ৰদূষণমুক্ত প্ৰাকৃতিক পৰিৱেশ দিবলৈ সকলো দায়বদ্ধ হ'ব লাগিব বুলি উল্লেখ কৰে ।

তেওঁ লগতে এক সুস্থ-সবল সমাজ গঢ়াৰ স্বাৰ্থত পৰিৱেশ সুৰক্ষা সমিতিয়ে গছপুলি ৰোপণ কাৰ্যসূচী চলাই যাব বুলিও কয় । মহা মানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাধাৰাৰে ৰাজ্য চৰকাৰে আয়োজন কৰা এক কোটি গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ অমৃত কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে ঋতুৰাজ বৰুৱাই উক্ত দিনা সকলোকে একোটাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ।

আজিৰ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ মুখ্য সাংস্কৃতিক সম্পাদক জিন্টু শইকীয়া, জিলা উপ-সভাপতি জীৱন দত্ত আৰু ৱাজিদ খান, সহকাৰী সম্পাদক কিশোৰ চাহ, সদস্য বিজয় মল্লিক, শুকান পুখুৰী আদৰ্শ বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিচিত্ৰা চিৰিং, আছাৰ প্ৰাক্তন সদস্য সঞ্জয় ওৰাং আদি উপস্থিত থাকে।

Also Read: কাকপথাৰৰ আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত তিনি বন্ধু...

Tree Plantation