ডিজিটেল সংবাদ,তিনিচুকীয়া : সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অতিকে দুৰ্গম তথা পিছপৰা বুঢ়ীদিহিং মৌজা ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ক্ষুন্ন হৈ পৰিছে বুঢ়ীদিহিং অঞ্চলৰ একাংশ ৰাইজ । চৰকাৰী অৱহেলাৰ মাজত হাবু-ডুবু খাই থকা বুঢ়ীদিহিং মৌজাক সুকীয়াকৈ এক সমষ্টিৰূপে গঠন তথা নিৰ্ধাৰণ কৰিবলৈ দাবী জনাই বৃহস্পতিবাৰে ডিৰাক সীমান্তৱৰ্তী সোণজানত শ শ ৰাইজ সমবেত হয় ।
বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ কৰ্মকৰ্তা, পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় প্ৰায় ২ শতাধিক ৰাইজে প্ৰাথমিক অৱস্থাত সোণজান ৰাজহুৱা প্ৰেক্ষাগৃহত সমবেত হয় । বুঢ়ীদিহিং সমষ্টি নিৰ্ধাৰণৰ দাবীত ইতিপূৰ্বে গঠন হোৱা আহ্বায়ক সমিতিৰ সভাপতি ৰণজিৎ দহোতীয়াৰ সভাপতিত্বত প্ৰেক্ষাগৃহত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
আহ্বায়ক সমিতিৰ সম্পাদক দীপাংকৰ মেচে আঁত ধৰা সভাত সুকীয়া বুঢ়ীদিহিং সমষ্টি গঠনৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে মহকুমাই মহকুমাই নিৰ্মাণ হ'বলগা উপায়ুক্তৰ কাৰ্যালয় এটা কাৰ্যালয় বুঢ়ীদিহিং মৌজাত স্থাপন কৰিবলৈ দাবী উত্থাপন কৰি প্ৰস্তাৱ লোৱা হয় । সভাত বিভিন্নজনে বুঢ়ীদিহিং মৌজাক বিধানসভা সমষ্টিৰূপে গঠন কৰাৰ সপক্ষে মতপোষণ কৰাৰ লগতে চৰকাৰী অৱহেলাৰ প্ৰতীক বুঢ়ীদিহিং মৌজাটো সমষ্টিৰ ৰূপ পালে উন্নয়নৰ মুখ দেখিব বুলি আশাব্যক্ত কৰে।
সভাৰ অন্তত প্ৰতিবাদী ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি প্ৰায় ২ঘণ্টা ধৰি উল্লেখিত দাবীত শ্ল'গান দিয়াৰ লগতে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় । ইফালে প্ৰতিবাদী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰাত পথচোৱাৰে অসম-অৰুণাচল প্ৰদেশৰ মাজত যোগাযোগ ব্যাহত হৈ পৰে ।
অৱশেষত প্ৰতিবাদীস্থলীত এগৰাকী চক্ৰ আৰক্ষী বিষয়া উপস্থিত হোৱাত আহ্বায়ক সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা এক দাবীসম্বলিত স্মাৰক-পত্ৰ বিষয়াগৰাকীক প্ৰদান কৰি পথ অৱৰোধ উঠাই লয় । আজি প্ৰতিবাদী ৰাইজে বুঢ়ীদিহিং মৌজাক সমষ্টিৰূপে নিৰ্ধাৰণ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ।
Also Read: ৰাহুল গান্ধীৰ কনয়ভয়ক দুঘণ্টা ধৰি আবদ্ধ মণিপুৰ আৰক্ষীৰ