ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : যোৱা বৃহস্পতিবাৰে উদয়পুৰৰ এখন ব্যক্তিগত বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰ এজনৰ ৰহস্যজনক মৃত্যুত আজি চাৰিদিন অতিক্ৰম কৰাৰ পিছতো সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰি থকা দেখা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ সংবাদমাধ্যমত প্ৰতিক্ৰিয়াৰ পাছতেই জাঙুৰ খাই উঠিছে জাতীয় জনগোষ্ঠীয় দল সংগঠন,ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজ।
দেওবাৰে পুনৰ লং টং তিনিআলি সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি তথা স্থানীয় প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে সমগ্ৰ আকাশ বতাহ। হাতে হাতে প্লে কাৰ্ড লৈ প্রতিবাদকাৰীসকলে পথৰ ওপৰত টাইয়াৰ জ্বলাই 'আমাক ন্যায় লাগে', 'গামৰিন মাকাট'ৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়ক', ঘটনাৰ তদন্ত চি, বি, আই'ক অৰ্পন কৰক, ঘটনাৰ তদন্ত পুনৰ নতুনকৈ আৰম্ভ কৰক, ন জাষ্টিচ ন ৰেষ্ট ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী জনায়।
দুপৰীয়াৰ পৰা চলা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত প্ৰায় তিনি ঘণ্টা ধৰি ঘাইপথৰ দুয়োপাৰে দুৰণিবটীয়া যান বাহনৰ লগতে ভালে সংখ্যক বল বম ভক্ত আৱদ্ধ হৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদী কাৰ্যসূচী যিমানেই দীঘলীয়া সময় ধৰি চলি থাকিল সিমানেই প্ৰতিবাদ কাৰীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ।
শেষত প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা মহকুমা কাৰ্য্যবাহী দণ্ডাধিশ প্ৰীতম গগৈ উপস্থিত হৈ প্ৰতিবাদী নেতৃত্বৰ সৈতে মত বিনিময় কৰে। প্ৰতিবাদকাৰীসকলে প্ৰশাসনে বৰ্তমানলৈ চলাই থকা তদন্ত প্ৰক্ৰিয়া আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰতি কোনো কাৰণতে সন্তুষ্ট নোহোৱাৰ কথা ব্যক্ত কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত ৰাইজ আস্বস্ত হব পৰাকৈ প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট দৃষ্টিভংগী দাঙি ধৰিবলৈ আহ্বান জনায়।
উপৰোক্ত আহ্বান আৰু প্ৰতিবাদী সকলৰ আৱেগৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু সঠিক পথেৰে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে। তাৰোপৰি জিলা আয়ুক্তৰ তত্বাৱধানত গঠন হোৱা তদন্ত কমিটীয়ে এসপ্তাহৰ ভিতৰত জিলা আয়ুক্তক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি দণ্ডাধিশগৰাকীয়ে জানিবলৈ দিয়ে।
ইয়াৰ বাবে অহা ৯ আগষ্ট তাৰিখলৈ সকলোকে অপেক্ষা কৰিবলৈ আহ্বান জনাই প্ৰতিবাদ স্থগিত ৰাখিবলৈ আহ্বান জনোৱাত পথ অৱৰোধ কাৰ্য্যসূচী স্থগিত ৰাখে প্ৰতিবাদকাৰীসকলে। অন্যহাতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য অৰুনাভ কোঁৱৰ, মাৰ্ঘেৰিটা আছু'ৰ উপদেষ্টা ৰূপম গগৈ, সভাপতি অভিষেক বৰুৱা, সম্পাদক মৃগাংক চুতীয়াসহ কেইবাগৰাকী সদস্য আজিৰ প্ৰতিবাদস্থলীত উপস্থিত থাকি মৃত ছাত্ৰজনৰ উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী জনাই চৰকাৰ প্ৰশাসনক।
প্ৰতিবাদী কাৰ্য্যসূচী মৃত গামৰিন মাকাট'ৰ পিতৃ মাতৃৰ অংশগ্ৰহণে প্ৰতিবাদকাৰীসকলক অধিক আবেগিক কৰি তুলা পৰিলক্ষিত হয়। পিতৃয়ে কয় যে তেওঁৰ পুত্ৰ কোনো কাৰণতে আত্মহত্যা কৰিব নোৱাৰে। দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনোৱাৰ লগতে মৰণোত্ততৰ পৰীক্ষা প্ৰতিবেদন আৰু আৰক্ষী অধীক্ষকগৰাকীৰ বক্তব্য কোনো কাৰণতে গ্ৰহণ যোগ্য নহয় বুলি উল্লেখ কৰে।
উল্লেখ্য যে শেহতীয়া ঘটনা প্ৰবাহৰ প্ৰতিলক্ষ্য ৰাখি মহকুমা প্ৰশাসনে মৃত ছাত্ৰজনৰ পৰিয়ালবৰ্গ আৰু প্ৰতিবাদী ৰাইজক আশ্বাসত কৰিব নোৱাৰাত সমগ্ৰ বিষয়টো অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত জিলা প্ৰশাসন তথা অসম চৰকাৰে কেনেধৰণৰ কেনেধৰণৰ প্ৰদেক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।