ডিজিটেল সংবাদ, তিনিচুকীয়াঃ অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন মটক যুৱ-ছাত্ৰ পৰিষদৰ দ্বাদশ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈ যায়। পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত দিৱসৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি সত্য গোহাঁইয়ে আৰু স্মৃতি তৰ্পন কৰে সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই ।
জিলা সভাপতি কৃষ্ণকান্ত কাকতিয়ে আঁত ধৰা মুকলি সভাত সভাপতিত্ব কৰে সত্য গোহাঁইয়ে। সভাত অতিথিৰূপে উপস্থিত থাকে পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, মটক স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ দেৱঋষি চেতিয়া, তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোঁহাই, মটক জনগোষ্ঠীৰ বিশিষ্ট চিন্তাবিদ ফটিক নেওগ, বিশিষ্ট লেখক তথা শিক্ষক অমৃত ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ শইকীয়া, ৰূপম কাকতি আৰু বিকাশ বৰুৱা, পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কল্যাণ বৰা, উপ-সভাপতি নিযুত বৰা আৰু বিজু বৰুৱা, সমাজকৰ্মী বিকাশ হাজৰিকা আদি।
পৰিষদৰ এই দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত ন-চিন্তাৰে ২০২২ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা মটক জনগোষ্ঠীৰ বিশিষ্ট বুৰঞ্জীবীদ, সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত সুশীল কুমাৰ গগৈ সোঁৱৰণি 'সাহিত্য বঁটা' এইবাৰ মটক জনগোষ্ঠীৰ বিশিষ্ট লেখক, সাহিত্যিক লম্বেশ্বৰ চেতিয়াক প্ৰদান কৰা হয় । চেতিয়াক গামোচা, চেলেং, স্মাৰক, সম্বৰ্ধনা পত্ৰ, শৰাই আদিৰে সন্মানিত কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে প্ৰয়াত সুশীল কুমাৰ গগৈৰ সহধৰ্মিণী বাসন্তী গগৈ ।
উল্লেখ্য যে, পানীতোলাৰ পকাবাম গাঁৱত জন্মগ্ৰহণ কৰা বঁটাপ্ৰাপক লম্ভেশ্বৰ চেতিয়াই চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে । শিক্ষকতা বৃত্তিৰ মাজতে অসমীয়া ভাষা-সাহিত্য চৰ্চাত আত্মনিয়োগ কৰা চেতিয়াই কেইবাটাও তত্ত্বগধুৰ প্ৰবন্ধ, গল্প, কবিতা আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। যাৰবাবে তেওঁ ২০১১ চনত ৰাজ্যিক কৃৰ্তী শিক্ষকৰ বঁটা, ২০১৪ চনত অসম চৰকাৰৰ সাহিত্য বঁটা আৰু ২০২০ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত বন্ধুচাকি উদগনি বঁটাৰে সন্মানিত কৰা হয় ।
Also Read: পত্নীৰ সেন্দুৰ মচি থৈ গীতা মন্দিৰৰ পৰা সঞ্জীৱৰ চিৰ বিদায়