ডিজিটেল সংবাদ, তিনিচুকীয়া: শিৱসাগৰত সংঘটিত হোৱা অসমীয়া বিৰোধী ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে তিনিচুকীয়া জ্যোতি হোটেলত তিনিচুকীয়া জিলাৰ ১২ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ এখন যৌথ সভা অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক সুৰজিৎ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসমত কোনোদিনেই যাতে যিকোনো বহিৰাগত বণিক গোষ্ঠীয়ে খিলঞ্জীয়া অসমীয়াৰ ওপৰত শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা নকৰে, তাৰ সকিয়নী প্ৰদান কৰি কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইসমূহ হৈছে-
-
তিনিচুকীয়া জিলাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদদখল মুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰক।
-
তিনিচুকীয়া জিলাৰ মাজ-মজিয়াত থকা বিভিন্ন পথ সমূহ অসমীয়া জাতিৰ স্বনামধন্য ব্যক্তিসকলৰ নামত নামকৰণ কৰাৰ ব্যৱস্থা কৰক।
-
তিনিচুকীয়া জিলাৰ মাজমজিয়াত থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ফলক সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰক।
-
তিনিচুকীয়া জিলাৰ বণিক গোষ্ঠীয়ে অধিগ্ৰহণ কৰি ৰখা অবৈধ ভূমি সমূহ বে-দখল মুক্ত কৰক ( গোধা আলি, ন-পুখুৰী, চাউল ধোৱা পুখুৰী, দেৱী পুখুৰী, বেংমৰা পুখুৰী)।
-
তিনিচুকীয়া জিলাৰ আইন শৃংখলা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সকলো ঠাইতে চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰক।
-
তিনিচুকীয়া চহৰৰ মাজমজিয়াত হোৱা অবৈধ পাৰ্কিং আৰু পদ পথসমূহৰ বিপনীৰ কাৰণে হোৱা যান-যঁত সমস্যাৰ স্থায়ী সমাধান কৰক।
-
ভূমিৰ অধিকাৰ কেৱল খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা গ্ৰহণ কৰক।
-
তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত নিবিদাসমূহ খিলঞ্জীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰক।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোহাঁই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁইৰ লগতে কেইবাটাও জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হোৱা যৌথ সভাত আগন্তোক দিনত খিলঞ্জীয়া অসমীয়া বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে যুঁজ দি যাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।