ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানা এলেকাৰ ডিৰাক আমগুৰিত কালি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত তিনি বন্ধুৱে অকালতে প্ৰাণ হেৰুৱাবলগা হয় । ইয়াকে লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।
জানিব পৰা মতে শনিবাৰে সন্ধিয়া তিনিজন যুৱকে এ এচ ২৩ এ ডি ৮৯৭৬ পঞ্জীয়ন নম্বৰৰ মটৰচাইকেলেৰে তীব্ৰ বেগেৰে ডিৰাক গে'ট অভিমুখে গৈ থকা অৱস্থাত ডিৰাক আমগুৰিত বিপৰীত দিশৰ পৰা আহি থকা এখন নতুন পিক আপ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । ফলত তিনিও বাইক আৰোহী বহু দূৰৈত চিটিকি পৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
ঘটনাস্থলীত আৰক্ষীৰ এটি দল উপস্থিত হৈ আহত তিনি যুৱকক ১০৮ এম্বুলেঞ্চৰ জৰিয়তে ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এজনৰ পথতে মৃত্যু হয় । পিছলৈ অতি সংকটজনক অৱস্থাত আন দুগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশাৰ ভাগতে চিকিৎসাধীন অৱস্থাত দুয়ো যুৱকৰ মৃত্যু হয় ।
নিহত যুৱক তিনিজন কাকপথাৰ ওপৰ ওৱন গাঁৱৰ মনজ্যোতি বুঢ়াগোহাঁই, ৰূপম চেতিয়া আৰু শান্তনু ফুকন বুলি জানিব পৰা গৈছে । নিহত যুৱক কেইজন কৰ্মসূত্ৰে অসমৰ বাহিৰত আছিল যদিও কিছুদিনৰ পূৰ্বে ছুটি লৈ ঘৰত আছিল । ইফালে একেখন গাঁৱৰ তিনিজনকৈ সুঠাম যুৱকৰ অকাল মৃত্যুত গাঁওখনৰ লগতে অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।
Also Read: ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ জনসভা ত্যাগ জনতাৰ...